Japanese encephalitis: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশুৰ মৃত্যু

By

Published : Jul 1, 2023, 7:12 PM IST

thumbnail

লখিমপুৰ, 1 জুলাই : ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ লখিমপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হয় ৷ শিশুটিৰ কেইদিনমান পূৰ্বে মৃত্যু হয় যদিও শনিবাৰে পোহৰলৈ আহে এই কথা ৷ আনহাতে জিলাখনত দুজন লোক ডেংগুত আক্ৰান্ত হৈছে বুলি চিনাক্ত কৰা হৈছে ৷  

শিশুটিৰ যোৱা 22 জুনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷  মৃত শিশুটি লখিমপুৰৰ দৰ্গে গাঁৱৰ ভৱেশ নৰহ (2) বুলি জানিব পৰা গৈছে ৷ শিশুটিৰ জ্বৰ আৰু মূৰৰ বিষৰ বাবে যোৱা 17 জুনত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও পিচদিনা পৰিয়ালৰ লোকে অসম মেডিকেল কলেজলৈ লৈ যায় ৷ চিকিৎসাধীন অৱস্থাত শিশুটিৰ অৱস্থা ক্ৰমে অৱনতি ঘটাত 19 জুনত শিশুটিক আইচিইউত ভৰ্তি কৰোৱা হয় ৷ 

ইয়াৰ পিচতে 22 জুনৰ দিনা শিশুটিৰ মৃত্যু হয় ৷ শিশুটিৰ মৃত্যুৰ পিচতে লখিমপুৰৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সূত্ৰে জনোৱা মতে শিশুটি টিবি ৰোগত আক্ৰান্ত হৈ আছিল ৷ শিশুটিৰ শৰীৰত জাপানীজ এনকেফেলাইটিছো পজিটিভ ধৰা পৰিছিল ৷  

জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সূত্ৰে জনোৱা অনুসৰি সাম্প্ৰতিক সময়ত অসমত 33 গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল ৷ ইয়াৰ লগতে 266 গৰাকী লোকৰ শৰীৰত ডেংগু পজিটিভ ধৰা পৰিছিল ৷  লক্ষ্যণীয় যে, লখিমপুৰৰ মৃত শিশুটিক বিগত সময়ত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধকো দিয়া হৈছিল ৷ 

প্ৰতিষেধক লোৱাৰ পাচতো শিশুটিৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ পজিটিভ বুলি চিনাক্ত হোৱা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক: Flood in Lakhimpur:লখিমপুৰত পুৱতি নিশা গাভৰুৰ তাণ্ডৱ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.