Pistols and magazines seized: দুটা পিষ্টল আৰু মেগজিনসহ এজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:14 PM IST

thumbnail

কৰিমগঞ্জ, 22 ছেপ্টেম্বৰ : শুকুৰবাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰে’ল ষ্টেচনৰ পৰা ৰে‘ল আৰক্ষীয়ে দুটা পিষ্টল আৰু মেগজিনসহ এজন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত লোকজন বিছিক চাকমা বুলি জানিব পৰা গৈছে । লোকজনৰ পৰা জব্দ কৰা পিষ্টল দুটা ৰাছিয়া আৰু জাৰ্মানীত নিৰ্মিত বুলি জানিব পৰা গৈছে ।

এক গোপন সূত্ৰৰ তথ্য অনুসৰি শিলচৰৰ পৰা আগৰতলা অভিমুখী আগৰতলা এক্সপ্ৰেছখন ধৰ্মনগৰ ৰে’ল ষ্টেচনত ৰোৱাৰ পিচতে জি আৰ পি এফ জোৱানে বিছিক চাকমা (36) নামৰ লোকজনক তালাচী চলায় ৷ তালাচীৰ সময়ত ৰে’ল আৰক্ষীয়ে লোকজনৰ পৰা দুটা পিষ্টল আৰু মেগজিন জব্দ কৰে ৷

আৰক্ষীৰ সোধা পোছাত ধৃত বিছিকে কয় যে, পিষ্টল দুটা ডিমাপুৰৰ পৰা ক্ৰয় কৰি অনা হৈছিল ৷ বাংলাদেশৰ শান্তিৰক্ষী বাহিনীৰ চুমন চাকমাক পিষ্টল দুটা বিক্ৰী কৰাৰ কথা আছিল। ধৃত বিছিকৰ ঘৰ কাৰ্বুকত বুলি আৰক্ষীয়ে জনায় ৷ সম্প্ৰতি আৰক্ষীয়ে বিছিকক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Operation against Drugs: ডিব্ৰুগড়ত 24 ঘন্টাৰ ভিতৰত দুটা স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.