Oil pipe leaked in Amguri: আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ

By

Published : Jul 8, 2023, 4:03 PM IST

thumbnail

আমগুৰি,৮ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰি খৰাগড়ত অ'এনজিচিৰ খাৰুৱা তেল নিৰ্গমণ লৈ অঞ্চলজুৰি সৃষ্টি আতংকময় পৰিৱেশৰ । জানিবপৰামতে খৰাগড় চাৰিআলি সমীপত ONGCৰ তেল পৰিবাহী পাইপ ফুটি খাৰুৱা তেল নিৰ্গমন হৈছে । যোৱা নিশাৰে পৰা খাৰুৱা তেল নিৰ্গমনক লৈ আতংকিত হৈ উঠিছে অঞ্চলবাসী ।  

অতি দুৰ্বল খাৰুৱা তেলৰ পাইপ সংস্থাপিত কৰাৰ বাবে তেল নিৰ্গমন হোৱাৰ অভিযোগ স্থানীয় লোকৰ । বছৰেকত ২০ বাৰৰো অধিক অঞ্চলটোত খাৰুৱা তেলৰ পাইপ ফুটাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে । ঘটনাস্থলীত ONGC ৰ কৰ্মচাৰী আহি পাইপ ফুটা অংশ মেৰামতিৰ ব্যৱস্থা কৰিছে । শীঘ্ৰে ONGC ক পুৰণি পাইপৰ সলনি নতুন পাইপৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।  

লগতে পঢ়ক: Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.