ETV Bharat / state

Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

author img

By

Published : Jul 8, 2023, 1:54 PM IST

Updated : Jul 8, 2023, 2:04 PM IST

অহা পাঁচ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ ৷ ৮ জুলাইৰ পৰা ১১ জুলাইলৈকে ৰাজ্যজুৰি ‘য়েল্ল এলাৰ্ট’ জাৰি ।

Assam Rain Alert
ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

গুৱাহাটী, ৮ জুলাই: শনিবাৰৰ পৰা পাঁচ দিনলৈ সমগ্ৰ ৰাজ্যতে বৰষুণৰ প্ৰকোপ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে । নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত পুনৰ ন ন অঞ্চল প্লাৱিত হৈছে । ৰাজ্যজুৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । দিচাং আৰু দিখৌ নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে । আনহাতে, ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, বেঁকী আৰু জীয়াভৰলী নৈ সতৰ্ক সীমাৰ ওপৰেৰে বৈ আছে । সাতখন জিলাৰ শতাধিক গাঁৱৰ প্রায় ২২ হেজাৰ লোক সম্প্ৰতি বানৰ কৱলত আছে । বিশেষকৈ ধেমাজি আৰু লখিমপুৰত বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

Weather Warning
ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ

কেন্দ্রীয় জল আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং নৈ বিপদসীমাৰ ০.৪ মিটাৰ ওপৰেৰে বৈ আছে । তদুপৰি শিৱসাগৰত দিখৌ নৈৰ জলস্তৰে বিপদসীমাৰ ০.৮৮ মিটাৰ অতিক্ৰম কৰিছে । আন কেইখনমান নৈয়ে সতর্ক সীমা অতিক্রম কৰিছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে । বৰপেটাৰোড ব্ৰীজত বেঁকী নৈ সতৰ্ক সীমাৰ ০.২৫ মিটাৰ, লখিমপুৰৰ বদতিঘাটত সোৱণশিৰি ০.০১ মিটাৰ, শোণিতপুৰৰ এন টি ৰোড ক্ৰছিঙত জীয়াভৰলী ০.৫ মিটাৰ আৰু ব্ৰহ্মপুত্ৰ ক্ৰমে ধুবুৰীত ০.৪৩ মিটাৰ, ডিব্ৰুগড়ত ০.৪৬ মিটাৰ যোৰহাটত ০.৯৬ মিটাৰ আৰু তেজপুৰত ০.৪৭ মিটাৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

Weather Warning
ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ কৱলত পৰিব বুলি বতৰৰ পূৰ্বানুমান কৰি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে । আনহাতে, ৮ জুলাইৰ পৰা ১১ জুলাইলৈকে ৰাজ্যজুৰি ‘য়েল্ল”(Yellow ) এলাৰ্ট ঘোষণা কৰা হৈছে । বংগোপ সাগৰৰপৰা বায়ুমণ্ডলৰ নিম্নস্তৰত শক্তিশালী দক্ষিণাভিমুখ, দক্ষিণ-পশ্চিমাভিমুখ বতাহ বলি থকাৰ ফলত পাঁচ দিনলৈ উত্তৰ-পূব ভাৰতলৈ জলীয় বাষ্পৰ অনুপ্ৰৱেশ ঘটি থাকিব । ইয়াৰ প্ৰভাৱত ৰাজ্যৰ বিস্তীর্ণ অঞ্চলত প্ৰৱলৰপৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

Weather Warning
ৰাজ্যত অব্যাহত থাকিব বৰষুণৰ প্ৰকোপ

অহা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে বিজুলী-ঢেকেনিসহ পাতলীয়াৰপৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বজ্রপাতসহ প্রবল বৰষুণ অহাৰ সম্ভাৱনা আছে । যোৱা ২৪ ঘণ্টাত উত্তৰ অসম আৰু উজনি অসমৰ কেইবাটাও স্থানত প্রবল বৃষ্টিপাত হয় । লখিমপুৰত ১৪০ মিঃমিঃ, নাজিৰাত ১১০ মিঃমিঃ, মাজুলীত ৯০ মিঃমিঃ, চিলাপথাৰত ৯০ মিঃমিঃ, উত্তৰ লখিমপুৰত ৮০ মিঃমিঃ আৰু গহপুৰত ৭০ মিঃমিঃ বৰষুণ হয় ।

লগতে পঢ়ক: Road Accident: জামুগুৰিহাটৰ ধলাইবিলত পথ দুৰ্ঘটনাত নিহত এজন

Last Updated :Jul 8, 2023, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.