Office of Registrar of Co operative Society:নলবাৰীত অসম চৰকাৰৰ সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয় মুকলি

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:02 PM IST

thumbnail

নলবাৰী, ২৪ আগষ্ট : নলবাৰী জিলাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ বৃহস্পতিবাৰে অৱসান ঘটিল । বিভাগটোৰ স্থায়ী কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই ।

উদ্বোধনী অনুষ্ঠানত জিলাখনৰ সমবায় বিভাগৰ কৰ্মচাৰীসকলক উদ্দেশ্যি পূৰ্ৱতকৈ অধিক আগ্ৰহ আৰু ৰাইজক উপকৃত কৰাৰ উদ্দেশ্য কাম কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত আহ্বান জনায় । লগতে জিলাখনৰ মীন পালকসকলক উপকৃত কৰিবলৈ প্ৰতিজন কৰ্মচাৰীয়ে যাতে মীন পালক তথা আত্মসহায়ক গোটসমূহক স্বাৱলম্বী কৰি তোলাত অৰিহণা যোগাই তাৰ নিৰ্দেশ দিয়ে ।

এতিয়াৰে পৰা কৰ্মচাৰীসকলক কামত ফাকি নিদিয়াকৈ নিজৰ নিজৰ দায়িত্ববোৰ নিগাজীকৈ চম্ভালি নিবলৈ ভাষণত নিৰ্দেশ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত সমবায় বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ লগতে জিলা বিজেপিৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Model Anganwadi Centre: নলবাৰীৰ লোহাৰকাঠাত মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক দিগন্ত বৰ্মনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.