NSUI burnt CM effigy:লখিমপুৰত এন এছ ইউ আইয়ে জ্বলালে মুখ্যমন্ত্রীৰ জুমুঠি

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:40 PM IST

thumbnail

লখিমপুৰ, ১৪ ছেপ্টেম্বৰ : লখিমপুৰত বৃহস্পতিবাৰে সন্ধিয়া এন এছ ইউ আইৰ লখিমপুৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । বয় বস্তৰ দাম বৃদ্ধিৰ লগতে চৰকাৰ চলোৱাত মুখ্যমন্ত্রী ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি তেওঁলোকে নগৰৰ মাজৰে প্ৰতিবাদী সমদল কৰি মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ কৰে ।

প্ৰতিবাদকাৰীসকলে চৰকাৰ চলোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্রীৰ পদত্যাগৰো দাবী কৰে । তেওঁলোকে মুখ্যমন্ত্রীৰ পত্নীৰ নামত হোৱা ভূমি কেলেংকাৰীৰো এক তদন্তৰ দাবী জনায় ।

বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্রীয়ে পদত্যাগ কৰক আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে নগৰৰ মাজেৰ সমদল কৰে । সমদলৰ অন্তত মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । চিলিং আইন উলংঘা কৰি মুখ্যমন্ত্রীৰ পত্নীৰ নামত ভূমি কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ তুলি এন এছ ইউ আইৰ প্ৰতিবাদকাৰী সদস্যসকলে এই ক্ষেত্ৰত এক শক্তিশালী তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক : Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী, বিৰোধীয়ে বিচাৰিলে তদন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.