Classical Music: ছত্তিশগড়ত সংস্কৃত শিক্ষা, ধনুৰ্বিদ্যা চৰ্চাত ব্যস্ত একাংশ উঃপূৰ যুৱতী

By

Published : Jul 23, 2023, 11:05 PM IST

thumbnail

নেশ্যনেল ডেস্ক,23 জুলাই: হিন্দু সভ্যতা আৰু ৰীতি-নীতি শিক্ষা লোৱাত ব্যস্ত উত্তৰ-পূৱৰ 32 গৰাকীকৈ যুৱতীয়ে ৷ যি সময়ত লাভ জেহাদৰ দৰে ঘটনা উত্তৰ-পূৱত বৃদ্ধি পাইছে তেনে স্থলত হিন্দু সভ্যতা আৰু ৰীতি-নীতি শিক্ষা লোৱাত ব্যস্ত একাংশ যুৱতী ৷  

ৰায়পুৰৰ ৰোহিণীপুৰমৰ অৱস্থিত বনৱাসী শ্যাবাৰী কন্যা আশ্ৰমত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈ আছে প্ৰায় 37 গৰাকী যুৱতীয়ে ৷ ইয়াৰে উত্তৰ-পূৱৰ প্ৰায় 32 গৰাকী যুৱতীয়ে শাস্ত্ৰীয় সংগীতৰ চৰ্চাৰ সমান্তৰালভাৱে হিন্দু সভ্যতা আৰু ৰীতি-নীতিৰ শিক্ষা লৈছে ৷

১৯৮৪ চনত নিৰ্মাণ কৰা আশ্ৰমখনত বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ 32 যুৱতীৰ লগতে ছত্তিশগড়ৰ জনজাতীয় অঞ্চলৰ 5 গৰাকী যুৱতীক প্ৰদান কৰা হৈছে এই শিক্ষা ৷ উক্ত আশ্ৰমখনত ধৰ্মীয় শিক্ষা, ভজন-কীৰ্তন, সংস্কৃত শিক্ষা, ধনুৰ্বিদ্যা, সংগীত শিক্ষা প্ৰদান কৰিছে ৷ 

আনহাতে যাতে শিক্ষাৰ্থীসকলৰ কোনো সমস্যা নহয় তাৰ প্ৰতি বিশেষ ধ্যান দিছে আশ্ৰমখনৰ কৰ্তৃপক্ষই ৷ আশ্ৰমখনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি আশ্ৰমত অধ্যয়ন কৰি বহুতো যুৱতীয়ে চিকিৎসক, শিক্ষক আৰু নাইব তহচিলদাৰ দৰে বৃত্তি গ্ৰহণ কৰিব পাৰিছে ৷

লগতে পঢ়ক:DGP GP Singh reactions: ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বিধি-পথালি সহ্য কৰা নহ'ব : জি পি সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.