Hath Se Hath Jodo Yatra: নাৰায়ণপুৰত প্ৰদেশ কংগ্ৰেছৰ উত্তৰ অসম মাণ্ডলিক সভা

By

Published : Jan 20, 2023, 6:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) কাৰ্যসূচীত জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে কংগ্ৰেছে আন এক গণ সম্পৰ্ক কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে । দেশজুৰি এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিছে 'হাথ চে হাথ জোড়ো' কাৰ্যসূচী (Congress to start hath se hath Jodo yatra)। এআইচিচিৰ(All India Congress Committee) সাধাৰণ সম্পাদক জে পি আগৰৱালে জনোৱা অনুসৰি ২০২৩ চনত কংগ্ৰেছে দেশজুৰি পশ্চিমৰ পৰা পূবলৈ যাত্ৰা কৰিব(JP Agarwala on Hath Se Hath Jodo Yatra) । এই সকলো কাৰ্যসূচীৰ ফলত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক এক সবল স্থিতিত থকাৰ বাবে সক্ষম হ'ব । 

সেই অনুসৰি অসম প্ৰদেশ কংগ্ৰেছৰ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰৰ জৰাবাৰীস্থিত জ্যোতিসংগম প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হয় উত্তৰ অসম মাণ্ডলিক সভা(North Assam regional meet of APCC in Narayanpur) ৷ 'হাথ চে হাথ জোড়ো' কাৰ্যসূচীক কেন্দ্ৰ কৰি অনুষ্ঠিত সভাখনত কংগ্ৰেছৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

সভাখনিত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক, ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জন(AICC Observer Ranjit Ranjan), প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় , প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে প্ৰমুখ্যে কৰি কেইবাজনো বিধায়ক আৰু বিশ্বনাথ, শোণিতপুৰ, ধেমাজি আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু কৰ্মীসকল ৷ 

সভাত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেত্ৰী ৰঞ্জিত ৰঞ্জন, ভূপেন কুমাৰ বৰা আৰু দেবব্ৰত শইকীয়াকে ধৰি বিভিন্নজনে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই(APCC President Bhupen Kumar Bora) কয় যে ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পাছত ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কংগ্ৰেছৰ 'হাথ চে হাথ জোড়ো' কাৰ্যসূচী । এই সময়চোৱাত সাধাৰণ ৰাইজৰ মনৰ ভাৱ পত্ৰযোগে জানিবলৈ চেষ্টা কৰিব কংগ্ৰেছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.