নলবাৰীৰ নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ, খিতাপ দখল গুৱাহাটী গেলাক্সিৰ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:57 PM IST

thumbnail

নলবাৰী, 5 ডিচেম্বৰ : সোমবাৰে নিশা নলবাৰীৰ লোহাৰকাঠাত নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অনুষ্ঠিত হয় ৷ 15 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন সোমবাৰে নিশা সামৰণি পৰে ৷ নলবাৰীৰ লোহাৰকাঠা যুৱক সংঘৰ উদ্যোগত আৰু লোহাৰকাঠা ফুটবল একাডেমীৰ সহযোগত প্ৰয়াত হাচান আলী আৰু ফচেৰ আলীৰ সোঁৱৰণত লোহাৰকাঠা যুৱক সংঘৰ খেলপথাৰত অনুষ্ঠিত হৈছিল নৈশ ফুটবল প্ৰতিযোগিতাখন ৷

সোমবাৰে নিশা গুৱাহাটীৰ গেলেক্সি আৰু ঘোগা বদনি ডাইমণ্ড এফ চি দলৰ মাজত ফাইনেল মেচখনত অনুষ্ঠিত হয় । খেলখনত 1-0 গ’লৰ ব্যৱধানত ঘোগা বদনি ডাইমণ্ড এফ চিক পৰাস্ত কৰি গুৱাহাটী গেলাক্সি দলে বিজয়ৰ খিতাপ দখল কৰে ৷ ইফালে শীতৰ প্ৰকোপকো নেওচি নিশা অনুষ্ঠিত ফাইনেল মেচখন উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে ৷

লগতে পঢ়ক : ৰাজ্যত চাইবাৰ ক্ৰাইম থানা স্থাপনৰ পৰিকল্পনা অসম আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.