তিনিচুকীয়াত এন এফ ৰে’লৱে কৰ্মচাৰী সংঘৰ চাৰিদিনীয়া অনশন ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:13 PM IST

thumbnail

তিনিচুকীয়া, 8 জানুৱাৰী : তিনিচুকীয়াস্থিত DRM ৰ কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে কৰ্মচাৰী সংঘৰ (NF Railway Employees Union) তিনিচুকীয়া শাখাৰ প্ৰতিবাদ | নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰিছে চাৰিদিনীয়া এই অনশন ধৰ্মঘট ৷

তিনিচুকীয়া শাখাৰ ভালেসংখ্যক কৰ্মচাৰীয়ে আজিৰে পৰা সাব্যস্ত কৰা এই অনশন কাৰ্যসূচীৰ জৰিয়তে 11 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি সদৰী কৰে ৷ যদিহে এই নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল নাৰাখে তেন্তে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে NF Railway Employees Union তিনিচুকীয়া শাখাই ৷

উল্লেখ্য যে, নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে প্ৰতিবাদ ৷ নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বিভিন্ন কাৰ্যসূচীৰে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে বিভিন্ন সময়ত অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ 

লগতে পঢ়ক : নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ক্ষোভ উকীল সন্থাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.