ETV Bharat / state

নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ক্ষোভ উকীল সন্থাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 2:23 PM IST

Nagaon bar association: নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ইটোৰ পিচত সিটো অভিযোগ ৷ এইবাৰ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে মইমতালি কৰাৰ অভিযোগ উকীল সন্থাৰ।

Nagaon bar association
নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ক্ষোভ উকীল সন্থাৰ

নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ক্ষোভ উকীল সন্থাৰ

নগাঁও, 8 জানুৱাৰী : নগাঁও জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষুণ্ণ নগাঁও উকীল সন্থা । জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে মইমতালি কৰাৰ অভিযোগ উকীল সন্থাৰ। উকীল সন্থাৰ কাৰ্যালয়ৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ যোৱা প্ৰৱেশদ্বাৰ বন্ধ কৰাক লৈ সোমবাৰে ক্ষুব্ধ হৈ পৰিছে উকীল সন্থা ।

উকীল সন্থাৰ প্ৰতিনিধি দল এটাই জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰি গেট খুলিবৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিছিল । কিন্তু প্ৰৱেশদ্বাৰৰ তলা খুলি দিয়াৰ বিপৰীতে আয়ুক্ত কাৰ্যালয়ত অধিবক্তাৰ কোনো কাম নাই বুলি একপ্ৰকাৰ তাচ্ছিল্য কৰা বুলি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰে । আনকি উপায়ুক্তসকলক ৰাজ্য জিলা আয়ুক্ত হিচাপে ঘোষণা কৰাৰ পিচৰ পৰাই নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ ক্ষমতা মূৰত ধৰা বুলিও অভিযোগ উত্থাপন কৰিছে উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰে। জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ উকিল সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে শেহতীয়াকৈ শুকুৰবাৰে বিয়লি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত সাংবাদিকক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছিল । জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল গুৱাহাটীৰ এগৰাকী সাংবাদিকৰ বিৰুদ্ধে । জিলা আয়ুক্তক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰে ছেটেলাইট চেনেলৰ গুৱাহাটীৰ সাংবাদিক দীপাংকৰ মেধিক ।

আনহাতে সাংবাদিক দীপাংকৰ মেধিক প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে । ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও আয়ুক্ত কাৰ্যালয়ত । বাতৰি সংক্ৰান্তত জিলা আয়ুক্তক লগ কৰিবলৈ অহা বুলি দাবী কৰিছিল সাংবাদিকগৰাকীয়ে । সাংবাদিকগৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে জিলা আয়ুক্তই সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰিছিল ।

লগতে পঢ়ক: নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.