Extra Marital Affair: পুৰণি প্ৰেমিকৰ লগত বি এম ডব্লিউত উঠি পলাল ৱোৱাৰী

By

Published : Feb 25, 2023, 10:45 PM IST

thumbnail

যোৰহাট, 25 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি  ইটোৰ পিচত সিটোকৈ বিবাহ বহিৰ্ভূত ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা ঘটি অহাৰ সময়তে এইবাৰ যোৰহাট জিলাত সংঘটিত হৈছে আজৱ ঘটনা (Extra Marital Affair case) ৷ গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌযাঁওতেই বেষ্ট ফ্ৰেণ্ডৰ সৈতে পলাই গ’ল ন বোৱাৰী (Newly wed women escaped with ex lover) ৷  

ঘটনাৰ বিৱৰণী অনুসৰি বিগত প্ৰায় এমাহৰ পূৰ্বে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ এগৰাকী যুৱতীক সামাজিক নীতি-নিয়মেৰে জীৱন সংগী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই । প্ৰথম কেইদিনমান সকলো ঠিকেই চলি আছিল । কিন্তু লাহে-লাহে ৰাণীৰ যেন মন নভৰিল ৰাজাৰ লগত। বিয়াহ এমাহ হোৱাৰ পিচতেই পুনৰ পুৰণি প্ৰেমিক ৰূপী বেষ্ট ফ্ৰেণ্ড নিতাফ হুছেইনলৈ মনত পৰিল ন বোৱাৰীৰ ৷  

নিতাফৰ ঘৰ লখিমপুৰ জিলাত ৷ দিন বাগৰি যোৱাৰ লগে লগে ৰাজাক এৰি নিতাফৰ লগত সংসাৰ মন মেলিলে ন বোৱাৰীগৰাকীয়ে ৷ কথামতেই কাম ৷ প্ৰেমিকাৰ কথা শুনি নিতাফে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই শুকুৰবাৰে চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ গাড়ী লৈ আহি লৈ যায় প্ৰেমিকাক (Newly wed women escaped in Jorhat)৷  

ইফালে ন বোৱাৰী ঘৰত নথকাৰ কথা গম পাই হুৱা দুৱা লাগিল মেলামাটিৰ ৰাজাৰ পৰিয়ালত। অৱশেষত ৰাজাৰ পৰিয়ালে কাষ চাপিল তিতাবৰ আৰক্ষীৰ ৷ আৰক্ষীয়ে লগে লগে ৰাজাৰ এজাহাৰৰ ভিত্তিত ন বোৱাৰীক বিচাৰি অভিযান চলাই ৷ তাৰ পিচতে দাৰনা নৱ দম্পতীটো বি এম ডব্লিুউত উঠি গৈ থাকোঁতেই মৰিয়নিত আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োকে।  

ইয়াৰ পিচতে আৰক্ষীয়ে নিতাফ আৰু ন বোৱাৰীগৰাকীক আটক কৰি তিতাবৰ আৰক্ষী থানাত সোধা পোছা কৰা হৈছে ৷ ইফালে ন  বোৱাৰীগৰাকীৰ স্বামীৰ প্ৰশ্নত নিতাফে কয় যে তেওঁৰ জুৰুণ হোৱা বুলিহে গম পাইছিল তেওঁ ৷ তেওঁ বিবাহিত বুলি নিতাফে গম পোৱা নাছিল ৷ এই ঘটনাৰ পিচতে  ৰাজাই আৰক্ষীৰপত্নীক চিৰদিনৰ বাবে ত্যাগ কৰা বুলি এখন চুক্তিত স্বাক্ষৰ কৰে ৷ 

সম্প্ৰতি ৰাজ্যত এনেধৰণৰ ঘটনা বৃদ্ধি ৰোধৰ বাবে চৰকাৰে এক কঠোৰ আইন প্ৰনয়ণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে পূৰ্বৰ স্বামী ৰাজাই ৷  

লগতে পঢ়ক: Animals part smuggling: শদিয়াত ৰয়েল বেংগল টাইগাৰৰ ছাল, হাড় আৰু অন্যান্য অংগসহ এজনক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.