তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:10 PM IST

thumbnail

তিনিচুকীয়া, 16 নৱেম্বৰ : বৃহস্পতিবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত উদযাপন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত উপস্থিত থাকে ৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম " শীৰ্ষক বিষয়ৰ ওপৰত এক আলোচনা চক্ৰও অনুষ্ঠিত হয় ৷ জ্যেষ্ঠ সাংবাদিক ড৹ ঋষি দাস আলোচক হিচাপে উপস্থিত থাকি এই বিষয়ৰ ওপৰত বক্তব্য দাঙি ধৰে ৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, তিনিচুকীয়াৰ মহকুমাধিপতি নুজহট নাজৰিণকে আদি কৰি জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ-কনিষ্ঠ সংবাদকৰ্মী, তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷ 

লগতে পঢ়ক : National Press Day: বৰপেটা প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.