Independence day 2023: ধেমাজিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আয়ুক্ত অংকুৰ ভৰালীৰ

By

Published : Aug 15, 2023, 3:09 PM IST

thumbnail

ধেমাাজি,১৫ আগষ্ট: আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধেমাজিতো উদযাপন কৰা হয় স্বাধীনতা দিৱস । ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত উলহ মালহৰে উদযাপন কৰা হয় স্বাধীনতা দিৱসটি । ধেমাজি কাছাৰী ময়দানত  অনুষ্ঠিত হোৱা দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আয়ুক্ত অংকুৰ ভৰালীয়ে ।  

পুৱা ৯ বজাত বিশিষ্ট অতিথি হিচাপে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ ইয়াৰ পিছতে ৰাইজক উদ্দেশ্যি চৰকাৰৰ উন্নয়নমূলক আচঁনি ৰূপায়ণ কৰা সম্পৰ্কত ভাষণ আগবঢ়াই ৷ ভাষণৰ অন্তত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সামৰিক কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে । উক্ত কাৰ্যসূচীত বিভিন্ন চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় । 

লগতে পঢ়ক: 77th Independence Day : সোণাৰিত পতাকা উত্তোলন জিলা আয়ুক্ত পলাশ কুমাৰ আহোমৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.