Reema Borah: ‘অনুনাদ’লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পৰিচালক ৰীমা বৰাক বিশ্বনাথত অভিনন্দন

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 1:34 PM IST

thumbnail

বিশ্বনাথ, ২৭ আগষ্ট: প্ৰযোজক তথা পৰিচালক ৰীমা বৰাৰ 'অনুনাদ' ছবিখনে আজৰি আনিলে ৰাষ্ট্ৰীয় সন্মান ৷ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সামাজিক বিষয়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘৰ ছবিৰ বঁটা লাভ কৰিলে এই ছবিখনে । ৰীমা বৰাৰ এই সাফল্যত এতিয়া উৎফুল্লিত অসমবাসীৰ লগতে ৰীমা বৰাৰ গাঁওবাসী ৷  

বিশ্বনাথ নগৰৰ কলেজ ৰোডত থকা ৰীমা বৰাৰ বাসগৃহত শেহতীয়া বিভিন্ন দল-সংগঠন উপস্থিত তেওঁক অভিনন্দৰ জ্ঞাপন কৰে ৷ ভাৰতীয় গণনাট্য সংঘ, নতুন সাহিত্য পৰিষদ আৰু ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ তৰফৰ পৰা ধনেশ্বৰ বৰা, কেশৱ হাজৰিকা, ভক্ত প্ৰসাদ গৌতম, ধীৰেণ ভূমিজ, চাৰ্জেন গোৱালা আৰু স্নেহাংকৰ চক্ৰৱৰ্তীয়ে অভিনন্দন জ্ঞাপন কৰে পৰিচালকগৰাকীক ৷

উল্লেখ্য যে নাৰী নিৰ্যাতন আৰু নাৰীৰ সামাজিক স্থিতিৰ বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ৷ এতিয়া বিশ্বনাথৰ জীয়ৰী ৰীমা বৰাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠন ।

লগতে পঢ়ক: Kulada Kumar Bhattacharya: নব্বৈ বছৰত ৰাষ্ট্ৰীয় সন্মান পাই কি ক’লে কুলদা কুমাৰ ভট্টাচাৰ্যই, চাও আহক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.