Independence day 2023: এদল কিশোৰ কিশোৰীৰ বাঁহীৰ সুৰত গুঞ্জৰিত হ’ল ৰাষ্ট্ৰীয় সংগীত

By

Published : Aug 14, 2023, 3:41 PM IST

thumbnail

যোৰহাট, 14 আগষ্ট : কেইমুহূৰ্তমানৰ পিচতে সমগ্ৰ দেশতে উলহে মালহে পালন কৰা হ’ব ৭৭ সংখ্যক স্বাধীনতা দিৱস। ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেৰগাঁৱৰ মিছামৰাত ১৫ গৰাকী কিশোৰ কিশোৰীৰ বাঁহীৰ সুৰত একেলগে গুঞ্জৰিত হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত। 

দেৰগাঁৱৰ বুঢ়াগাঁৱৰ বাঁহীবাদক তথা লোকবাদ্য শিল্পী মাধৱ দত্তৰ তত্ত্বাৱধানত এইসকল কিশোৰ কিশোৰীয়ে প্ৰশিক্ষণ লৈ আছে বাঁহী বাদনৰ । প্ৰায় এপষেক জোৰা প্ৰশিক্ষণৰ অন্তত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই কিশোৰ কিশোৰীৰ দলটোৱে বাঁহীৰ সুললিত সুৰত পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সংগীত । 

একেলগে ১৫ টাকৈ বাঁহীত গুঞ্জৰিত হোৱা ৰাষ্ট্ৰীয় সংগীতৰ সুৰে আপ্লুত কৰে উপস্থিত সকলোকে । উল্লেখ্য যে, এই সকল শিশুৰ শৈশৱৰ পৰাই দেশৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা এই কৰ্মৰাজিৰ জৰিয়তে প্ৰতিফলিত হৈছে ৷

লগতে পঢ়ক: 77th independence day: স্বাধীনতা দিৱসৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.