Road named after martyr: নগাঁৱত শ্বহীদ নয়নজ্যোতি লেখাৰুৰ নামেৰে পথৰ নামকৰণ

By

Published : Apr 9, 2023, 9:50 PM IST

thumbnail

চামগুৰি,৯ এপ্ৰিল: দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ সোঁৱৰণত দেশব্যাপী পথ, ৰেলৱে ক্ৰছিং, শিশু উদ্যান আদিৰ নামকৰণ কৰাৰ এক অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Road named after martyrs in Nagaon) । ইয়াৰে অংশস্বৰূপে শনিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সূতাৰগাঁও পঞ্চায়তৰ অধীনৰ সূতাৰগাঁৱৰ পৰা পানীগাঁও পৰ্যন্ত প্ৰায় দুই কিলোমিটাৰ পথচোৱা শ্বহীদ নয়নজ্যোতি লেখাৰুৰ নামেৰে নামাকৰণ কৰা হয় (Road named after Martyr Nayanjyoti Lekhru in Nagaon) ।  

সূতাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত মুদৈয়ণী গাঁৱৰ যুৱক তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নয়নজ্যোতি লেখাৰু বিগত ২০১২ চনৰ ২৭ মাৰ্চত মহাৰাষ্ট্ৰৰ গড়চিৰলি জিলাত মাওবাদীয়ে ঘটোৱা শক্তিশালী আই ই ডি বিস্ফোৰণত শ্বহীদ হৈছিল । সূতাৰগাঁৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পথছোৱা আনুষ্ঠানিকভাৱে শ্বহীদ নয়নজ্যোতি লেখাৰুৰ নামেৰে নামাকৰণ কৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে (MLA Jitu Goswami) ।  

অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (Central Reserve Police Force) ৩৪ নং বেটেলিয়ান বাহিনীৰ কামাণ্ডেন্ট আৰ কে শ্ৰীৱাস্তৱ (Commandant R K Srivastava) আৰু জিলা খনৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি । অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাক শলাগ লয় বিধায়ক জিতু গোস্বামীয়ে । 

লগতে পঢ়ক: BJP lobby politics: বিজেপিৰ পৰা আভ্যন্তৰীণ কন্দল নিৰ্মূলৰ ফৰ্মূলা শিকাৰ ইচ্ছা ভূপেন বৰাৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.