Nalbari Murder Case Update: হাতেৰে ভুকুৱাই ভুকুৱাই মাতৃক হত্যা কৰাৰ কথা অকপট স্বীকাৰ মাতৃহন্তা ৰাকেশৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 7:10 PM IST

thumbnail

নলবাৰী, 3 ছেপ্টেম্বৰ : "মদ্যপান কৰি আহি ৰাকেশে হাতেৰে ভুকুৱাই ভুকুৱাই হত্যা কৰিছিল মাতৃক ৷" বিষ্ফোৰক স্বীকাৰোক্তি পাষাণ মাতৃহন্তা পুত্ৰৰ ৷ নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কয়াকুছিত শনিবাৰে নিশা ৰূপম কলিতা নামৰ যুৱকজনে মাতৃক অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিশা প্ৰায় ৮ বজাত হত্যা কৰাৰ কথা স্বীকাৰ কৰে হত্যাকাৰী পুত্ৰ ৰাকেশ কলিতা ওৰফে ৰূপমৰ ।

দীৰ্ঘদিনৰে পৰা ৰাকেশে সুৰাপান কৰি আহি মাতৃ কামিনী কলিতাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল । কাজিয়াই চৰম পৰ্যায় পোৱাত শনিবাৰে ৰাকেশে সুৰাপান কৰি আহি হাতেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিজ মাতৃক । কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ হাতেৰে ভুকুৱাই ভুকুৱাই নিজৰ মাকক হত্যা কৰাৰ কথা স্বীকাৰ কৰে হত্যাকাৰী ৰাকেশ কলিতাই । পইচাৰ বাবে সদায় মাতৃৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ কালি এনে চৰম আৰু পাশৱিক সিদ্ধান্ত লোৱাৰ কথাও স্বীকাৰ কৰে ৰাকেশে । হত্যা কৰি মাকক বিচনাৰ তলত পেলাই থৈছিল ৰাকেশে ।

দেওবাৰে পুৱাই সমগ্ৰ ঘটনা পোহৰলৈ অহাত ঘগ্ৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশক । এই ঘটনাক লৈ সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলতেই এক চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক: Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.