Nalbari flood affected people fury: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জোতা খুলি বান চাবলৈ আহ্বান বন্যাৰ্তৰ

By

Published : Jun 23, 2023, 9:02 PM IST

thumbnail

নলবাৰী, ২৩ জুন : ৰাজ্যজুৰি বানৰ বিভীষিকা অব্যাহত আছে । নলবাৰীতো বানৰ কবলত শতাধিক গাঁও । বানত ককবকাই থকা বন্যাৰ্তৰ ক্ষোভ ফুটি উঠিছে খোদ মন্ত্ৰীৰ সন্মুখতেই । শুকুৰবাৰে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ বন্যাৰ্তৰ দুৰ্দশাৰ বুজ ল’বলৈ উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । 

ধৰ্মপুৰৰ প্ৰতিটো বান শিবিৰ পৰিদৰ্শন কৰি আহি বন্যাৰ্তৰ ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । বিগত ন দিনে বানত ককবকাই থকা মাক্ৰাপাৰাৰ বন্যাৰ্তই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জোতা খুলি বান পৰিস্থিতি বুজ লবলৈ আহ্বান জনায় ।

মন্ত্ৰীৰ লগত থকা পালিনেতাৰ সন্মুখতে পোনপটীয়া অভিযোগ এগৰাকী মহিলাৰ । মহিলাগৰাকীৰ দুখ দুৰ্দশাৰ বুজ লৈ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহোন পাটোৱাৰীয়ে ।

লগতে পঢ়ক : Pathetic condition of road: চিলাপথাৰ নগৰৰ বিধ্বস্ত পথে জুৰুলা কৰিছে ৰাইজক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.