Pathetic condition of road: চিলাপথাৰ নগৰৰ বিধ্বস্ত পথে জুৰুলা কৰিছে ৰাইজক

By

Published : Jun 23, 2023, 8:14 PM IST

thumbnail

জোনাই,২৩ জুন: বিধ্বস্ত বাট পথে জুৰুলা কৰিছে চিলাপথাৰ নগৰবাসীক । পথ নহয় মৰণফান্দ লৈ পৰ্যৱসিত নগৰখনৰ প্ৰতিটো পথ । চিলাপথাৰ-জোনাই সংযোগী জোনাকী নগৰৰ পথচোৱা এতিয়া মাছ পুহিব পৰা পুখুৰীলৈ পৰিণত হৈছে । নিতৌ অসংখ্য যান-বাহন আৰু ৰাইজে অহা-যোৱা কৰা অঞ্চলটোৰ ভিতৰতে অন্যতম ব্যস্ত পথচোৱা মেৰামতি নকৰাত যমৰ যাতনা ভুগিছে ৰাইজে ।  

এজাক বৰষুণতে নদীৰ ৰুপ লয় পথচোৱাই । উক্ত অংশতে আছে কেইবাখনো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় । একেদৰে কল্যাণ কেন্দ্ৰ পথ, মৈথাবাৰী পথ, কাৰ্পুমপুলি পথ আদি পথৰ অৱস্থাও অতিকৈ শোচনীয় । গাড়ী-মটৰৰ কথাতো বাদেই এখন চাইকেল-ঠেলা চলাই যাবলৈকো অসুবিধা এই পথচোৱাৰে । পথৰ প্ৰতি মিটাৰে মিটাৰে মাছ পুহিব পৰাকৈ ডাঙৰ ডাঙৰ গাঁতত পৰি নিতৌ সংঘটিত হৈছে গুৰুতৰ দূৰ্ঘটনা । 

লগতে পঢ়ক: Gas company dug up river dam:তিতাবৰত গেছ কোম্পানীৰ ভয়ংকৰ কাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.