ETV Bharat / state

Gas company dug up river dam:তিতাবৰত গেছ কোম্পানীৰ ভয়ংকৰ কাণ্ড

author img

By

Published : Jun 23, 2023, 6:34 PM IST

তিতাবৰত গেছ কোম্পানীয়ে খান্দি পেলালে নদীৰ মথাউৰি । যিকোনো মুহূৰ্ততে কেইবাখনো গাঁও জলমগ্ন হোৱাৰ আশংকা ।

river dam in jorhat titabor
গেছ কোম্পানীৰ ভয়ংকৰ কাণ্ড

গেছ কোম্পানীৰ ভয়ংকৰ কাণ্ড

যোৰহাট, 23 জুন : ৰাজ্যৰ গাঁৱে-ভূঞে, নগৰে-চহৰে সকলোতে এতিয়া ধাৰাষাৰ বৰষুণ । ৰাজ্যৰ বহু গাঁও এতিয়া জলমগ্ন । বান আৰু গৰাখহনীয়াই জুৰুলা কৰা অসমবাসীৰ বিলৈ বুজিবই বা কোনে ?

চৰকাৰে বান নিয়ন্ত্ৰণ কৰিবলৈ তথা খহনীয়া ৰোধ কৰিবলৈ ঠায়ে ঠায়ে প্ৰচেষ্টা হাতত লৈছে যদিও সম্পূৰ্ণকৈ সফল হোৱা নাই ৷ ৰাজ্যত এতিয়া বানৰ বিভীষিকাময় পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে অসমৰ সকলো মথাউৰি যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে প্ৰতি মুহূৰ্ততে চৰকাৰে চোকা দৃষ্টি ৰাখিছে ৷ কিন্তু তাৰ মাজতে যোৰহাটৰ তিতাবৰত সংঘটিত হ’ল এক আজৱ কাণ্ড ৷

তিতাবৰত গেছ কোম্পানীয়ে গেছ পাইপ বহুৱাৰ নামত ভৰ-বাৰিষাত খান্দি পেলালে মথাউৰি ৷ গেছ কোম্পানীৰ এই কাৰ্যই সকলোকে হতবাক কৰি তুলিছে সকলোকে । এবছৰ পূৰ্বে পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ কৰা তিতাবৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তর্গত ৫ নং ৱাৰ্ডৰ কাছজান নদীৰ দুয়োপাৰে থকা মথাউৰি খান্দি পেলোৱা হ’ল গেছ পাইপ বহুৱাৰ নামত । মথাউৰি খন্দাৰ ফলত পানীত ডুব গৈছে কৃষক ৰাইজৰ কঠিয়াতলী ৷ লগতে পথাৰত উপৰ্যুপৰি পানী জমা হোৱাৰ ফলত বহু হাজাৰ বিঘা কৃষি ভূমিত খেতি কৰিবলৈ হাল বাব নোৱাৰাৰ আশংকাই দেখা দিছে ।

যিকোনো মুহূৰ্ততে তীব্ৰ গতিত বৈ অহা পাহাৰীয়া পানীৰ সোঁতে বৃহৎ অঞ্চল বুৰাই পেলোৱাৰ প্ৰৱল আশংকাই দেখা দিছে । ফলত শংকিত হৈ পৰিছে গাঁওবাসী । উল্লেখ্য যে গেছ কোম্পানীয়ে গেছ পাইপ বহুৱাৰ নামত চহা কৃষিজীৱী লোকসকলক এক প্ৰকাৰ অন্ধকাৰ দিশলৈ ঠেলি দিছে । কৃষিজীৱীক লোকক হাৰশাস্তি কৰাৰ গেছ কোম্পানী বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : Miserable condition of NH 37: বিধস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পণবন্দী জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.