Teok missing: 2 অক্টোবৰৰ পৰা নিখোঁজ অৱস্থাত টীয়কৰ যুৱতী, চিন্তিত অভিভাৱক

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:10 PM IST

thumbnail

টীয়ক, 8 অক্টোবৰ: যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা চিৰাখুন্দা গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী যুৱতী ৷ গাঁওখনৰ নিবাসী ৰিপু দত্তৰ 20 বছৰীয়া কন্যা পূৰবী দত্ত যোৱা 2 অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা অক্টোবৰৰ 2 তাৰিখে টীয়ক নগৰলৈ চাকৰিৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ঘৰৰ পৰা স্কুটিৰে ওলাই গৈছিল যুৱতীগৰাকী ৷ পৰৱৰ্তী সময়ত স্কুটিখন এগৰাকী বান্ধৱীৰ হাতত ঘৰলৈ পঠিয়াই দি তেওঁৰ কিছু পলম হ'ব বুলি বান্ধৱীগৰাকীৰ যোগে ঘৰত অৱগত কৰিছিল যুৱতীগৰাকীয়ে ।

অৱশ্যে গধূলিলৈকে ছাত্ৰীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ বন্ধু, ইষ্ট-কুটুম্ব সকলোকে এই সন্দৰ্ভত খবৰ কৰে যদিও কোনো সম্ভেদ নোপোৱাত নিশা টীয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । অৱশ্য পাঁচদিন উকলি যোৱাৰ পাছতো যুৱতীগৰাকীৰ কোনো সম্ভেদ নোলোৱাত পৰিয়ালটো চিন্তিত হৈ পৰিছে । 

দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ কিবা সম্ভেদ পালে ততাতৈয়াকৈ টীয়ক আৰক্ষী অথবা 8822338242 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: Tense situation in Tingkhang: কিশোৰৰ ৰহস্যজনক মৃত্যুক লৈ টিংখাঙত উত্তেজনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.