বোৱাৰীৰ আত্মহত্যা, স্বামীয়ে হত্যা কৰাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 1:36 PM IST

thumbnail

কাছাৰ,২৮ ডিচেম্বৰ: কাছাৰৰ সোনাই দক্ষিণ মোহনপুৰত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ ৷ গাঁওখনৰ নৰুল ইছলামৰ পত্নী ইনাৰা বেগমক ডিঙিত চিপলৈ থকা অবস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে । লগে লগে খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । প্ৰথম অৱস্থাত প্ৰতিবেশী সকলে ইনাৰাই আত্মহত্যা কৰিছে বুলি সন্দেহ কৰে যদিও ইনাৰাৰ পিতৃৰ পৰিয়ালৰ সদস্যসকলে আত্মহত্যাৰ ঘটনা মানি নলয় ৷  

পিতৃপক্ষৰ অভিযোগ, স্বামী নুৰুল ইছলামে ইনাৰাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে ৷ অভিযোগ অনুসৰি বিবাহৰ পিছৰে পৰা ইনাৰাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল নুৰুলে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী নুৰুলসহ পৰিয়ালৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে সোনাই আৰক্ষী চকীত এক গোচৰ তৰিছে মৃত ইনাৰাৰ পিতৃ পৰিয়ালে ৷ আৰক্ষী তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তসকলক । 

লগতে পঢ়ক: ফুৰাবলৈ নিয়াৰ চলেৰে তিনি নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.