Mumbai Crime Branch in Nagaon : জুৰীয়াত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জালত চাইবাৰ অপৰাধী

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:04 PM IST

thumbnail

নগাঁও, 8 নৱেম্বৰ : বুধবাৰে চাইবাৰ অপৰাধী বিচাৰি নগাঁও পালেহি মুম্বাই আৰক্ষীৰ এটা দল ৷ নগাঁৱৰ জুৰীয়াৰ বিভিন্ন স্থানত মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চলালে অভিযান । জুৰীয়া আৰক্ষীৰ সহযোগত জুৰীয়াত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই চলায় উক্ত অভিযান ৷ অভিযানকালত আটক কৰে জুৰীয়াৰ ধিং গাঁৱৰ ছাকলিন মুস্তাক আৰু বাটমাৰীৰ আব্দুৰ ৰহমানক ।

ধৃত দুই চাইবাৰ অপৰাধৰ অভিযুক্তক মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । চাইবাৰ অপৰাধী দুটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক নথি-পত্ৰ আৰু সামগ্ৰী । ইয়াৰোপৰি চাইবাৰ অপৰাধৰ লগত জড়িত নগাঁও জিলাৰ আন কেইবাটাও অপৰাধীৰ সন্ধানত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Timber Smuggling : সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত গ্ৰেপ্তাৰ চোৰাং কাঠকটীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.