Gunotsav 2023 : নিজে পঢ়া বিদ্যালয়ৰ গুণোৎসৱত বিধায়ক মৃণাল শইকীয়া

By

Published : Feb 3, 2023, 3:36 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

গোলাঘাট,৩ ফেব্ৰুৱাৰী : চলি আছে চতুৰ্থ পৰ্বৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Axom Gunotsav 2023)। গুণোৎসৱৰ লগত সংগতি ৰাখি গোলাঘাট জিলাত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ বাবে জিলাখনৰ প্ৰতিখন বিদ্যালয়তে বিশেষ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে (Gunotsav at Golaghat)।

গুণোৎসৱ উপলক্ষে গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক এখন বিদ্যালয়ত ব্যতিক্ৰমী ৰূপত দেখা গ'ল । বিধায়ক মৃণাল শইকীয়াই নিজে পঢ়া মেলামৰা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰে (MLA Mrinal Saikia visits Golaghat school)। প্ৰাক্তন ছাত্ৰ মৃণাল শইকীয়াক বিদ্যালয়খনত শিক্ষকৰ ৰূপত দেখা গ'ল । বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানো কৰাইছে বিধায়কগৰাকীয়ে । ইফালে এসময়ত নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ পুৰণি স্মৃতি ৰোমন্থন কৰিলে বিধায়কগৰাকীয়ে ।

তেওঁ বিদ্যালয়খনত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী বুলিও সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আনহাতে প্ৰাক্তন ছাত্ৰ তথা বিধায়ক মৃণাল শইকীয়াক এনেদৰে কাষত পাই যথেষ্ট আনন্দিত ছাত্ৰ-ছাত্ৰীসকল । বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে তেওঁ প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনত উপস্থিত হৈছে । বিদ্যালয়খনৰ পৰিৱেশ পূৰ্বতকৈ বহু পৰিৱৰ্তন হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে । আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব । আনবাৰৰ গুণোৎসৱতকৈ এইবাৰ কিছু পৃথক নীতি-নিয়মেৰে গুণোৎসৱ পালন কৰা হৈছে ৷ স্ব-মূল্যায়নৰ নীতি সলনি কৰি এইবাৰ গুণোৎসৱ অনুষ্ঠিত হৈছে (Gunotsav 2023)৷

ৰাজ্যৰ মুঠ ১১ খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছিল (Axom Sarba Siksha Abhijan Mission) ৷ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান আৰু শৈক্ষিক ফলাফল বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ বিদ্যালয়সমূহত গুণোৎসৱ পালন কৰি আহিছে ।

লগতে পঢ়ক :Ranjit Kumar Das in Tinsukia: যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড: ৰণজিৎ কুমাৰ দাস

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.