Teok News: কাকজান ঈদগাহত অনুষ্ঠিত ৰাজহুৱা সভাত সাংসদ তপন কুমাৰ গগৈ

By

Published : May 21, 2023, 5:35 PM IST

thumbnail

টীয়ক, 21 মে’: টীয়কৰ ঐতিহাসিক কাকজান ঈদগাহ সমিতিৰ উদ্যোগত দেওবাৰে কাকজান ঈদগাহ প্ৰাংগণত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ কাকজান ঈদগাহ সমিতিৰ সভাপতি মৌলানা মোছাদ্দিক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিজেপি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা, জিলা বিজেপিৰ উপ সভাপতি ৰফিক উজ জামান, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, সম্পাদক অমৰ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে (MP Topon Kumar Gogoi Visit Kakojan Eidgah) ৷

এই সভাত বৃহত্তৰ কাকজান অঞ্চলৰ চিকিৎসা, বাটপথ, খেলপথাৰকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোচনা কৰা হয় আৰু পৰ্যায়ক্ৰমে এইবোৰ সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় ৰাইজে ৷ ইফালে নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ কাম অতি সোনকালে ক্ৰুটীমুক্ত হিচাবে নিৰ্মাণ কৰিবলৈ আহ্বান জনাই উদ্যোক্তাসকলে লগতে কাকজান অঞ্চলৰ মছজিদসমূহৰ অভাৱ-অভিযোগ সমূহ সমাধান কৰিবলৈ চৰকাৰী পক্ষৰ আগত আবেদন কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কাকজান অঞ্চলত বিৰাজ কৰা ঐক্য যাতে অনাগত দিনটো বৰ্তি থাকে সেয়া কামনা কৰে (Topon Kumar Gogoi Visit Kakojan Eidgah) ৷

উল্লেখযোগ্য যে এই সভাতে আগন্তুক হজযাত্ৰীসকলৰ সফল ভ্ৰমণৰ অৰ্থে সকলোৱে নেদেখাজনৰ চৰণত দোৱা কৰে ৷ উল্লেখযোগ্য যে এই ঐতিহাসিক ঈদগাহৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা দহ লাখ টকাৰ অনুদান ঘোষণা কৰে সাংসদ গৰাকীয়ে (MP Topon Kumar Gogoi) ৷

লগতে পঢ়ক: Heated situation in Mariani PHC: মৰিয়নি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.