Inauguration of Digital classroom: শিৱসাগৰ ছোৱালী কলেজত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন

By

Published : Jun 16, 2023, 5:01 PM IST

thumbnail

শিৱসাগৰ,১৬ জুন: শুকুৰবাৰে উজনি অসমৰ অন্যতম নাৰী শিক্ষানুষ্ঠান শিৱসাগৰ ছোৱালী কলেজত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে উদ্বোধন কৰে দুটাকৈ আধুনিক শ্ৰেণীকোঠা । উদ্বোধন কৰা এটি কোঠা ডিজিটেল শ্ৰেণীকোঠা হিচাপে ব্যৱহাৰ কৰিব কলেজখনে ।  

উল্লেখযোগ্য যে, সাংসদৰ এলেকা উন্নয়ন পুঁজিৰ পৰা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ১০ লাখ টকাৰ এক অনুদান আগবঢ়াইছিল শিৱসাগৰ ছোৱালী কলেজলৈ । এই পুঁজিৰে কলেজ কৰ্তৃপক্ষই আধুনিক ৰূপত দুয়োটা শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে উক্ত শ্ৰেণীকোঠা দুটি শুভ উদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে ।  

এই অনুষ্ঠানতে ONGC ৰ অৰ্থ সাহাৰ্যৰে ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী প্ৰকল্প এটিৰো শুভ উদ্ধোধন কৰা হয় । অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ঋতা বৰকটকী,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ পুণ্যধৰ গগৈ, সমাজকৰ্মী পোনাৰাম মিলি আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

লগতে পঢ়ক: River worship to get rid of river erosion: গৰাখহনীয়াৰ ভয়ত ৰাইজে কৰিছে নদী পূজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.