Pabitra Margherita: ভাৰত-বাংলাদেশ সীমান্তৰ ভোগদাঙাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

By

Published : Jun 30, 2023, 9:15 PM IST

thumbnail

ধুবুৰী, 30 জুন: ভাৰত-বাংলাদেশ সীমান্তৰ ভোগদাঙাত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ ভোগদাঙালৈ 13 লাখ টকাৰ অনুদান ঘোষণা সাংসদগৰাকীৰ ৷ ইয়াৰে দহ লাখ ভোগদাঙাৰ ৰাজহুৱা শ্মশান আৰু তিনি লাখ টকা এটা কমিউনিটি শ্বেড নিৰ্মাণৰ বাবে ৷  

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 9 বছৰীয়া কাৰ্যকাল আৰু ৰাজ্য চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উপলক্ষ্যে ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰা মহা জনসম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ভোগদাঙাত উপস্থিত হয় ৷ সীমান্তৰ বিভিন্ন সমস্যাৰ লগতে চৰকাৰী আঁচনিৰ কাম-কাজৰো বুজ লয় সাংসদ মাৰ্ঘেৰিটাই ৷  

স্মৰ্তব্য যে দেশৰ স্বাধীনতাৰ কালৰে পৰা ভাৰতৰ দুখন গাঁৱৰ ৰাইজে কাইটীয়া তাঁৰৰ সিপাৰে বিভিন্ন সমস্যাৰ মাজেৰে বাস কৰি আহিছে ৷ শুকুৰবাৰে ভোগদাঙাত পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিত হোৱাৰ পাচতেই উৎফুল্লিত হৈ পৰে অঞ্চলবাসী ৷ 

লগতে পঢ়ক: CM in Tezpur: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনো বিজেপি বিধায়কৰ আপত্তি নাই; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.