Cyber crime : মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান; গ্ৰেপ্তাৰ ছীম কাৰ্ড ব্যৱসায়ী

By

Published : Jun 27, 2023, 11:38 AM IST

thumbnail

মৰিগাঁও, 27 জুন : অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান ৷ ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ জালত পৰিছে দুই ভুৱা ছীম কাৰ্ড ব্যৱসায়ী । সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ধৃত দুই ব্যৱসায়ী হৈছে ভূৰাগাঁৱৰ মছফিকুল খান আৰু লাহৰীঘাট তিতাতলাৰ চাহজাহান আলী ।

তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি দুই অভিযুক্তই ভুৱা নথিপত্ৰৰে ছীম কাৰ্ডৰ বেহা চলাই আহিছিল । অৱশেষত 23 জুনৰ দিনা গৰৈমাৰীত প্ৰথমজন এয়াৰটেল ছীম কাৰ্ডৰ ব্যৱসায়ীক মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই আটক কৰিবলৈ সক্ষম হয় ৷ তাৰ পাচত দেওবাৰে আন দুই এয়াৰটেলৰ ছীম কাৰ্ডৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰলৈ শান্তি ঘূৰাই অনাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে মহিলাই; ভাৰতীয় সেনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.