ETV Bharat / bharat

Manipur Violence : মণিপুৰলৈ শান্তি ঘূৰাই অনাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে মহিলাই; ভাৰতীয় সেনা

author img

By

Published : Jun 27, 2023, 9:43 AM IST

ভাৰতীয় সেনাৰ এটা বিশেষ টুইট ৷ যিটো টুইটত উল্লেখ আছে মণিপুৰত পুনৰ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মণিপুৰৰ মহিলাই দিয়া বাধাৰ কথা ৷ যাক বে-আইনী বুলি আখ্যা দিছে ভাৰতীয় সেনাই ৷

Women activists in Manipur
মণিপুৰত পুনৰ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মণিপুৰৰ মহিলাই দিছে বাধা

নিউজ ডেস্ক, 27 জুন : মণিপুৰত পুনৰ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেনাৰ প্ৰচেষ্টাত হেঙাৰ হিচাবে থিয় দিছে মণিপুৰৰ মহিলা ৷ এই অভিযোগ ভাৰতীয় সেনাৰ ৷ এই সন্দৰ্ভত ভাৰতীয়া সেনাই কয় যে নিৰাপত্তাৰক্ষীৰ চলাচল অৱৰোধ কৰাটো কেৱল বে-আইনীয়েই নহয়, এয়া আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবেও ক্ষতিকাৰক ৷

সোমবাৰে ভাৰতীয় সেনাই টুইটযোগে এটা ভিডিঅ’ প্ৰকাশ কৰিছে ৷ য’ত হিংসাজৰ্জৰ ৰাজ্যখনৰ বিভিন্ন স্থানত মহিলাই সেনাৰ বাহন অৱৰোধ কৰা আৰু সেনাৰ চলাচলত বাধা দিয়া দেখিবলৈ পোৱা গৈছে ৷ টুইটটোত উল্লেখ কৰা অনুসৰি, ‘‘মণিপুৰৰ মহিলাসকলে ইচ্ছাকৃতভাৱে পথ অৱৰোধ কৰি আহিছে আৰু সুৰক্ষা বাহিনীৰ অভিযানত হস্তক্ষেপ কৰিছে ৷’’

  • Women activists in #Manipur are deliberately blocking routes and interfering in Operations of Security Forces. Such unwarranted interference is detrimental to the timely response by Security Forces during critical situations to save lives and property.
    🔴 Indian Army appeals to… pic.twitter.com/Md9nw6h7Fx

    — SpearCorps.IndianArmy (@Spearcorps) June 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে কোৱা হৈছে, ‘‘এনে ধৰণৰ অবাঞ্ছিত হস্তক্ষেপ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে সংকটজনক পৰিস্থিতিৰ সময়ত সুৰক্ষা বাহিনীয়ে সময়মতে সঁহাৰি প্ৰদান কৰাৰ বাবে ক্ষতিকাৰক ৷ ভাৰতীয় সেনাই সকলো শ্ৰেণীৰ লোকক শান্তি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ আবেদন জনাইছে’’ ৷

উল্লেখ্য যে, বিগত সপ্তাহত KYKL নামৰ উগ্ৰপন্থী সংগঠনটোৰ 12 জন কেডাৰক ভাৰতীয় সেনাই মুকলি কৰি দিবলৈ বাধ্য হৈছিল ৷ ইয়াৰ ভিতৰত আছিল স্বয়ম্ভূ লেফটেনেণ্ট কৰ্ণেল মইৰাংথেম তাম্বা ৷ মইৰাংথেম তাম্বা 2015 চনৰ ‘ডগৰা এম্বুশ্ব’ৰ সৈতে জড়িত আছিল ৷ যি ঘটনাত নিহত হৈছিল 18 জন ভাৰতীয় সেনা জোৱান ৷ এই কেডাৰ কেইজনক মুকলি কৰি দিয়াৰ মূলতে আছিল মহিলাৰ প্ৰতিবাদ ৷

তথ্য অনুসৰি, 24 জুনত সেনাই অভিযান চলাই কাংলেই য়াওল কান্না লুপ (KYKL)ৰ 12 জন কেডাৰক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল ৷ ভাৰতীয় সেনাই সদৰী কৰা মতে, পূব ইম্ফল জিলাৰ ইথাম গাঁৱত উগ্ৰপন্থী সংগঠনটোৰ 12 জন কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পাচতেই তাৎক্ষণিকভাৱে অঞ্চলটো প্ৰায় 1200-1500 মহিলাই আগুৰি ধৰিছিল ৷ সেই স্থানত সহস্ৰাধিক মহিলাৰ প্ৰতিবাদৰ পাচতেই ভাৰতীয় সেনাই কেডাৰ কেইজনক মুকলি কৰি দিবলৈ বাধ্য হৈছিল ৷

লগতে পঢ়ক : Manipur Violence: মণিপুৰক কাশ্মীৰলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে নেকি কেন্দ্ৰই ? প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.