উচ্ছেদিত পৰিয়াললৈ ভূমি আৱণ্টন

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 11:00 AM IST

thumbnail

মৰিগাঁও, 8 ডিচেম্বৰ: মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰ সংস্থাপিত 76 টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত কৰা হয় ৷  মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰ সংস্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ পৰা উচ্ছেদিত হৈ মৰিগাঁও জিলাৰ কেতবোৰ চৰ অঞ্চলত পুনৰ সংস্থাপিত 76 টাকৈ পৰিয়ালৰ বাবে ভূমি আৱণ্টনৰ প্ৰস্তাৱ বৃহস্পতিবাৰে গৃহীত কৰা হয় । এই সন্দৰ্ভত মৰিগাঁৱৰ জিলা আযুক্ত দেবাশীষ শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰে ৷

মৰিগাঁও জিলাখনৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ 37 টা পৰিয়াল আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ 39 টা পৰিয়ালক আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ মৈৰাবাৰী মৌজাৰ 2 নং ৰংৰাই চাপৰি আৰু চিতলমাৰী চৰ আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বোকনি মৌজাৰ মেৰবিল হাবি চৰৰ মুঠ 76 টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদানৰ বাবে আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয় ।

উল্লেখযোগ্য যে, যোৱা 12 ছেপ্টেম্বৰত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়ক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ জিলা আয়ুক্ত, আমছুৰ নেতৃত্ব আৰু সংশ্লিষ্টসকলৰ উপস্থিতিত উচ্ছেদিত লোকসকলৰ স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হৈছিল বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷

লগতে পঢ়ক: পৰিবহন বিভাগৰ অভিযানত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.