বিহুৰ পাচত দিহানামেৰে গঢ়িব বিশ্ব ৰেকৰ্ড, মৰাণত 31 টাকৈ দিহানাম দলৰ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 2:04 PM IST

thumbnail

ডিব্ৰুগড়, 20 নৱেম্বৰ : অসমীয়া বাপতি সাহোন বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়া পাচতেই চলিত বৰ্ষৰ 17 ডিচেম্বৰত অসমবাসীয়ে আকৌ গঢ়িব বিশ্ব ৰেকৰ্ড । এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিহানামক বিশ্ব দৰবাৰত পৰিচয় কৰিবলৈ প্ৰস্তুতি চলাইছে অসমবাসীয়ে ।

উল্লেখ্য যে, গুৱাহাটীত 60 হাজাৰ আয়তী-নামতীৰ দ্বাৰা পৰিৱেশিত হ'ব মহাপুৰুষ গুৰুজনাৰ দিহানাম । এই উদ্দেশ্যে মৰাণতো চলিছে আখৰা । মৰাণৰ তিলৈৰ গ্ৰাম্য গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত 31 টাকৈ দিহানাম দলে অংশগ্ৰহণ কৰে এদিনীয়া কৰ্মশালাত ।

সদৌ অসম শংকৰ মাধৱ দিহানাম সমিতি অসম, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বিশ্ব অভিলেখৰ বাবে আয়োজন কৰা এই এদিনীয়া দিহানামৰ কৰ্মশালাত ৰাজ্যৰ বিভিন্ন ঠাইৰ কেইবাগৰাকীও প্ৰশিক্ষকে ভাগ লয় । কৰ্মশালাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকি দিহানামৰ দলকেইটাক শুভেচ্ছা জ্ঞাপন কৰে । প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা দিহানামৰ দলকেইটাৰ আশা বিশ্ব দৰবাৰত জিলিকিব অসমৰ দিহানাম ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.