Three Gogoi Controversy: নিজৰ আসন হেৰুওৱাৰ ভয়ত তিনি গগৈ একত্ৰিত হৈছে; চক্ৰধৰ গগৈ

By

Published : Jul 6, 2023, 1:12 PM IST

thumbnail

ডিব্ৰুগড়, 6 জুলাই: অসমত কেৱল গগৈ কেইজনেই আহোম নহয় ৷ আহোমৰ ভিতৰত কোঁৱৰ, গোঁহাইকে ধৰি বহু উপাধিৰ মানুহ আছে ৷ নিজৰ আসন হেৰুওৱাৰ ভয়ত তিনি গগৈ একত্ৰিত হৈছে ৷ এতিয়া 5Gৰ যুগত 3G ৰ কাম নাই ৷ শেহতীয়াকৈ অসমৰ ৰাজনীতিত তিনি গগৈৰ চৰ্চা চলি থকাৰ সময়তে মৰাণৰ সমীপৰ খোৱাঙত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷

তেওঁ কয় যে, অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিজনেই আহোম সম্প্ৰদায়ৰ লোক ৷ কিন্তু তেওঁলোকে আহোমৰ বাবে আজিলৈকে একোৱেই কৰিব পৰা নাই ৷ কেৱল স্বাৰ্থৰ বাবে বাঘে- ছাগে এতিয়া একেলগে পানী খাব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে ৷ পূৰ্বৰ নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰি এতিয়া একত্ৰিত হৈ একেটা ঘাটতে পানী খাব বিচাৰিছে বুলি মন্তব্য কৰে বিধায়কজনে ৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিধায়কজনে মুখ্যমন্ত্ৰী মথাউৰি পথ নিৰ্মাণ আঁ‌চনিৰ 2022-23 RIDF-XXVII বৰ্ষৰ অধীনত, খোৱাঙৰ হালধীবাৰীত পথ উন্নীতকৰণৰ কাৰ্য শুভাৰম্ভ কৰে ৷ খোৱাং সোণোৱাল গাঁৱৰ পৰা বুঢ়ীদিহিং নদীৰ বাঁওপাৰ বোকাহোলা হৈ নগৰ থানলৈকে 3 কিলোমিটাৰ পথৰ উন্নীতকৰণৰ কাৰ্য শুভাৰম্ভ কৰে বিধায়কজনে ৷

লগতে পঢ়ক : Ex MLA Ashok Sarma: বিজেপিৰ মুখ্য কাৰ্যালয়ত হঠাৎ উপস্থিত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.