ETV Bharat / state

Ex MLA Ashok Sarma: বিজেপিৰ মুখ্য কাৰ্যালয়ত হঠাৎ উপস্থিত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

author img

By

Published : Jul 6, 2023, 11:00 AM IST

Ex MLA Ashok Sarma in State BJP Office in Guwahati
প্ৰাক্তন বিধায়ক অশোক শৰ্মা

বুধবাৰে নিশা হঠাৎ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মা ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাতৰ বাবে অহাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন বিধায়কজনে ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন বিধায়ক অশোক শৰ্মা

গুৱাহাটী, 5 জুলাই : ৰাজ্যত বৰ্তমান পুৰণি বিজেপি নেতাৰ বিদ্ৰোহৰ উক-মুকনিৰ মাজতে বুধবাৰে নিশা হঠাৎ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মা ৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাতৰ বাবে অহাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন বিধায়কজনে ৷ লগতে শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰৰ কিছু কামৰ অসন্তুষ্টিৰ কথা ৰাষ্ট্ৰীয় নেতা গৰাকীক জনাব বুলিও সদৰি কৰে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা টিকটত বিচৰাৰ কথাও নেতাগৰাকীয়ে জনাব বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, প্ৰাক্তন বিধায়ক গৰাকীয়ে শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰ কিছু কামৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ যোগেদি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল ৷ লগতে কৈছিল যে, বৰ্তমান বিজেপিত কংগ্ৰেছী সংস্কৃতিয়ে গ্ৰাস কৰিছে ৷

লগতে পঢ়ক : BJP Core Committee meeting: জ্যেষ্ঠক শ্ৰদ্ধা আৰু কণিষ্ঠক মৰম এইয়াই হ’ল ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ; ভৱেশ কলিতা

প্ৰাক্তন বিধায়কজনে কয় যে, পুৰণি বিজেপি নেতাৰ বৰ্তমান দলত কোনো আদৰ নাই ৷ যিসকলে কংগ্ৰেছ দলটোক ধ্বংস কৰি আহিছে তেওঁলোকেই এতিয়া বিজেপিৰ সকলো ৷ বৰ্তমান বিজেপিত কোনো নীতি-আদৰ্শৰ কথা নাই, তোষামোদকাৰী আৰু তৈলমোৰ্দনকাৰীসকলৰহে বিজেপিত ৰাজত্ব বুলি বিস্ফোৰক মন্তব্য কৰে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ লগতে এই বিষয়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতেও কথা পতা বুলি প্ৰকাশ কৰিছিল তেওঁ ৷

কিন্তু ইয়াৰ পিছতো বুধবাৰে নিশা আকৌ ৰাষ্ট্ৰীয় নেতৃত্বক নিজৰ ক্ষোভ, অসন্তুষ্টিৰ কথা ক’বলৈ সাক্ষাৎ কৰা ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিত এতিয়া ন-পুৰণি নেতাৰ সংঘাত তুংগত ৷

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া অনুষ্ঠিত হৈছিল ক’ৰ কমিটিৰ বৈঠক ৷ এই বৈঠকত অংশগ্ৰহণ কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে ৷

লগতে পঢ়ক : Rangmahal Water Supply Project in Guwahati: ১৩ জনীয়া সাংসদ দলৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.