ETV Bharat / state

BJP Core Committee meeting: জ্যেষ্ঠক শ্ৰদ্ধা আৰু কণিষ্ঠক মৰম এইয়াই হ’ল ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ; ভৱেশ কলিতা

author img

By

Published : Jul 6, 2023, 10:23 AM IST

বুধবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ক'ৰ কমিটীৰ বৈঠক ৷ এই সভাত মহা জনসম্পৰ্ক অভিযান আৰু আজি অনুষ্ঠিত হ’ব লগা ‌ক্ষেত্ৰীয় বৈঠক সন্দৰ্ভত বিতং আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

Assam BJP Core Committee holds meet
অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ ‌ক্ষেত্ৰীয় বৈঠক

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ক'ৰ কমিটীৰ বৈঠক

গুৱাহাটী, 6 জুলাই : বৃহস্পতিবাৰে 12 খন ৰাজ্যৰ ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক, সংগঠন, মন্ত্ৰী, প্ৰভাৰী আৰু সহ প্ৰভাৰীসকলৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ ‌ক্ষেত্ৰীয় বৈঠক ৷ বৃহস্পতিবাৰে পুৱা 10 বজাৰ পৰা 5 বজালৈ চলিব এই বৈঠক ৷ বুধবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ক'ৰ কমিটীৰ বৈঠকত এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

ৰাজ্যিক বিজেপিৰ ‌ক্ষেত্ৰীয় বৈঠকৰ পূৰ্বে, বুধবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ক'ৰ কমিটীৰ বৈঠক ৷ বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ অনুষ্ঠিত হয় এই বৈঠক ৷ বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে বহুকেইগৰাকী মন্ত্ৰী তথা সাংসদ ৷ এই বৈঠকত মহা জনসম্পৰ্ক অভিযান আৰু আজি অনুষ্ঠিত হ’ব লগা ‌ক্ষেত্ৰীয় বৈঠক সন্দৰ্ভত বিতং আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

আনহাতে গগৈ উপাধি সম্পৰ্কে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰদান কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি গৰাকীয়ে কয় যে গগৈ, উপাধিৰ সন্মানীয় লোকসকলে ভাৰতীয় জনতা পাৰ্টীক ভোট দি আহিছে, মৰম কৰিছে তেওঁলোকে, আশীৰ্বাদ দিছে ৷ আগন্তুক দিনতো তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ৷ তেখেতে কি প্ৰসংগত কথাতো কৈছে মই নাজানো বুলি উল্লেখ কৰি গগৈ সন্দৰ্ভত মন্ত্ৰীয়ে কিবা কৈছে যদি মই ‌ক্ষমা খুজিছোঁ বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কয় যে, এই সম্পূৰ্ণ বিষয়টো ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিবেচনাধীন ৷ সম্পূৰ্ণ বিষয়টো তেওঁলোকে আগুৱাই লৈ গৈছে ৷ গতিকে তাত আমি পাৰ্টী হিচাবে, মন্ত্ৰী-বিধায়কে ক’ব লগা একো নাই ৷ এই বিষয়টো আমাৰ দলৰ এক্তিয়াৰৰ বস্তু নহয় ৷ এই সন্দৰ্ভত যি কাম আছে সকলো নিৰ্বাচনী আয়োগে কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

শেহতীয়াকৈ বিজেপি নেতা ক্ষোভিত হৈ পৰা বিষয়ত মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে, জ্যেষ্ঠক শ্ৰদ্ধা আৰু কণিষ্ঠক মৰম এইয়াই হ’ল ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ ৷ এই আদৰ্শৰ মাজেৰে আমাৰ দল চলি আছে চলিব থাকিব ৷ লগতে অশোক শর্মাই প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিব পাৰে ৷ মই তেওঁক শুভেচ্ছা জনাইছোঁ বুলিও মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: Maha Jan Sampark Abhiyan:গুৱাহাটীত বিশিষ্ট নাগৰিকৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.