Orchid Park controversy: অখিল গগৈলৈ কাতৰ আহ্বান বিধায়ক বিনোদ হাজৰিকাৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:48 AM IST

Updated : Oct 5, 2023, 8:02 AM IST

thumbnail

ডিব্ৰুগড়, 5 অক্টোবৰ : কাজিৰঙাত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তিয়ে নিৰ্মাণ কৰা অৰ্কিড পাৰ্কখন একপ্ৰকাৰে অসমৰ ৰাজনীতিত চৰ্চিত বিষয় হৈ পৰিছে । মুখ্যমন্ত্ৰীৰ পৰিয়ালে ভূমি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতেই শাসক দলে দাবী তুলিছে যে কাজিৰঙাত অৰ্কিড পাৰ্ক খোলাৰ নামত অখিল গগৈয়ে মাটি দখল কৰি ৰাখিছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামত কাজিৰঙাৰ মাটি দখল কৰাৰ কথা সংবাদ মাধ্যমৰ আগত উত্থাপন কৰাৰ পাচতেই অৰ্কিড পাৰ্কক লৈ অখিল গগৈক এইবাৰ সমালোচনা কৰিলে বিধায়ক বিনোদ হাজৰিকাই ।

তেওঁ কয়, ‘অখিল গগৈয়ে কাজিৰঙাৰ অৰ্কিড পাৰ্কখনক লৈ অসমৰ মানুহক বিভ্ৰান্তি কৰিছে । এইখন অৰ্কিড পাৰ্ক নহয় । প্ৰকৃততে অখিল গগৈয়ে দখল কৰি থকা এখন পাৰ্কহে’ । অৰ্কিড পাৰ্কৰ নামত দখল কৰা মাটি চৰকাৰক ঘূৰাই দিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে । ইফালে অসম বিধানসভাত অখিল গগৈয়ে অযথা বিৰ্তক কৰি বিধানসভাৰ মৰ্যদা লাঘৱ কৰে বুলি মন্তব্য কৰে তেওঁ । অসমৰ উন্নয়নৰ সম্পৰ্কে যিকোনো আলোচনা কৰাত তেওঁৰ কাৰ্যই বাধা প্ৰদান কৰে বুলিও উল্লেখ কৰে বিধায়ক বিনোদ হাজৰিকাই ।

লগতে পঢ়ক : Orchid Park controversy: অৰ্কিড উদ্যান চৰকাৰক গটাবলৈ অখিল গগৈক লাগে মুখ্যমন্ত্ৰীৰ এটা ফোন বা এখন চিঠি !

Last Updated : Oct 5, 2023, 8:02 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.