ETV Bharat / state

Orchid Park controversy: অৰ্কিড উদ্যান চৰকাৰক গটাবলৈ অখিল গগৈক লাগে মুখ্যমন্ত্ৰীৰ এটা ফোন বা এখন চিঠি !

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:17 PM IST

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কৰ পিচতে এইবাৰ অখিল গগৈৰ সম্পতিl মুখ্যমন্ত্ৰীৰ চকু পৰিছে বুলি জাঙুৰ খাই উঠে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী এটা ফোন অথবা এখন ৰাজহুৱা চিঠিত অৰ্কিড পাৰ্কৰ লগতে নিজা বাসগৃহও দি দিয়াৰ কথা সদৰী কৰে বিধায়কগৰাকীয়ে ৷

Akhil Gogoi reacts on orchid Park
মুখ্যমন্ত্ৰীয়ে এটা ফোন বা এখন চিঠি দিলেই অৰ্কিড উদ‍্যান গতাই দিব চৰকাৰকঃ অখিল গগৈ

মুখ্যমন্ত্ৰীয়ে এটা ফোন বা এখন চিঠি দিলেই অৰ্কিড উদ‍্যান গতাই দিব চৰকাৰকঃ অখিল গগৈ

মৰাণ, 2 অক্টোবৰ : "মুখ‍্যমন্ত্ৰীয়ে বিচাৰিলে কৃষক মুক্তিৰ নামত থকা কাজিৰঙাৰ অৰ্কিড উদ‍্যান গতাই দিব চৰকাৰক । মুখ্যমন্ত্ৰীয়ে এটা ফোন বা এখন ৰাজহুৱা চিঠি দিলে কাজিৰঙাৰ অৰ্কিড উদ‍্যান গতাই দিয়া হ’ব চৰকাৰক । কিন্তু সমবায় সমিতিৰ তত্বাৱধানত পৰিচালিত অৰ্কিড উদ‍্যানখন মুখ‍্যমন্ত্ৰীৰ পত্নীক গতাব নোৱাৰিব ৷" সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক দলীয় সভাত অংশ লৈ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে গগৈয়ে কয়, "মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজনীতিক ব্যৱসায় হিচাপে লৈ অসমত যিমান সম্পত্তি কৰিছে, তেওঁলোকৰ এতিয়ালৈকে তিনিখন নাম থকা বাগান, নাম নথকাও বাগান আছে, অসমৰ আটাইতকৈ ডাঙৰ স্কুল, অসমৰ চাৰিওফালে মাটি, জাহাজৰ পৰা আদি কৰি অসমৰ কেইবাটাও ব্যৱসায়, কাঞ্চনজুৰি চাহ বাগিচাত পঞ্চতাৰকা যুক্ত ৰিজ’ৰ্ট ৷ এই আটাইবোৰ যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰিবলৈ প্ৰস্তুত হয় তেনেহ’লে মই এক ছেকেণ্ডত অৰ্কিড পাৰ্ক চৰকাৰক দিবলৈ খোজোঁ ৷ যদি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মোৰ সম্পতি মই এৰিব নোৱাৰো, কিন্তু অখিল গগৈয়ে অৰ্কিড পাৰ্কখন দি দিব লাগে, মই তেতিয়াও দি দিম ৷"

"মাত্ৰ মোক মুখ্যমন্ত্ৰীয়ে এবাৰ ফোন কৰি কওঁক অথবা ৰাজহুৱাকৈ এখন পত্ৰ প্ৰদান কৰক ৷ মুখ্যমন্ত্ৰীৰ অৰ্কিড পাৰ্কৰ মোহ সোমাইছে ৷ এতিয়া মুখ্যমন্ত্ৰীক অৰ্কিড পাৰ্কখনো লাগে ৷ এটাই কথা যাতে, মুখ্যমন্ত্ৰীয়ে যাতে অৰ্কিড পাৰ্কখন পত্নীৰ নামত কৰি নিদিয়ে অথবা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক চমজাই নিদিয়ে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈৰ বাগান আছে, ক’ত আছে দেখুৱাই দিয়ক ৷ অখিল গগৈৰ বাসগৃহটো অধ্যাপিকা পত্নীয়ে লোণ লৈ আৰু নিজ উপাৰ্জনেৰে নিৰ্মাণ কৰা ৷ সেইটো এটা পুৰণি ঘৰ ৷ যদি মুখ্যমন্ত্ৰীৰ সেই ঘৰটোতো চকু পৰিছে, মুখ্যমন্ত্ৰীৰ পত্নীক যদি সেই ঘৰটোও লাগে মই দি দিম ৷" অখিল গগৈয়ে সদৰী কৰে ৷

উল্লেখ্য যে, এটা দিনৰ পূৰ্বে গুৱাহাটীৰ গান্ধী মৈদামত উপস্থিত হৈ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল । আনকি অখিল গগৈ অৰ্থাৎ কৃষক মুক্তিয়ে নিৰ্মাণ কৰা কাজিৰঙাৰ অৰ্কিড উদ‍্যানখন কাজিৰঙাৰ মাটি দখল কৰি নিৰ্মাণ কৰা বুলি মুখ‍্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈক কটাক্ষ কৰিছিল। ইয়াৰ পাচতেই মুখ‍্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ ।

লগতে পঢ়ক: Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.