বাংলাদেশী মূলৰ মিঞা মুছলমানৰ আগ্ৰাসন সন্দৰ্ভত উদ্বিগ্ন বিজেপি বিধায়ক ভুৱন পেগু

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:32 AM IST

Updated : Dec 13, 2023, 9:50 AM IST

thumbnail

জোনাই, 13 ডিচেম্বৰ: অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ আগ্ৰাসনে অসমীয়া ৰাইজলৈ সংকট মাতিব বুলি আশংকা প্ৰকাশ কৰিছে বিজেপি বিধায়ক ভুৱন পেগুয়ে। অসমত মিঞা বাংলাদেশী মুছলমানে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে আগ্ৰাসন চলাইছে বুলিও কয় পেগুয়ে । অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়ষন্ত্ৰত বাংলাদেশী মূলৰ মিঞা মুছলমান লিপ্ত হৈছে বুলি ভয়ংকৰ অভিযোগ উত্থাপিত কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা জোনাইৰ বিধায়কগৰাকীয়ে ৷

এনে আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া জাতিয়ে মাৰবান্ধি থিয় দিয়াৰ লগতে অসমীয়া জাতিক ভালপোৱা প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া জনসাধাৰণে এক ইঞ্চি খিলঞ্জীয়াৰ ভূমি বাংলাদেশী মূলৰ মিঞা মুছলমানক বিক্ৰী নকৰিবলৈও আহ্বান জনায় বিধায়কগৰাকীয়ে। চৰকাৰী ভূমি, চৰ-চাপৰি, বন ভূমি যতেই মিঞা বাংলাদেশী মুচলমান আগ্ৰাসন হৈছে তাতেই অসমীয়া ৰাইজে বাধা প্ৰদান কৰিব লাগে বুলি কয় পেগুয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত জনোৱা আহ্বানক সকলো খিলঞ্জীয়া অসমীয়া ৰাইজে একত্ৰিতভাবে সঁহাৰি জনাবলৈ আহ্বান জনায় বিধায়ক ভুৱন পেগুয়ে।

লগতে পঢ়ক: হিন্দু ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু হিন্দু এটা জাতিৰ পৰিচয় নহয় : ড৹ হীৰেণ গোহাঁই

Last Updated : Dec 13, 2023, 9:50 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.