ETV Bharat / state

হিন্দু ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু হিন্দু এটা জাতিৰ পৰিচয় নহয় : ড৹ হীৰেণ গোহাঁই

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:33 PM IST

বিভ্ৰান্তি, ফাঁকি, ঠগবাজৰ নিকৃষ্ট উদাহৰণ শাসকীয় দল আৰু চৰকাৰ । নিৰ্বাচন আহিলেই বিজেপি চৰকাৰে "কা"ৰ কথা আনে - ড৹ হীৰেণ গোহাঁই

Etv BharatDr Hiren Gohain press meet on CAA
Etv Bharatহিন্দু ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু হিন্দু এটা জাতিৰ পৰিচয় নহয় - ড৹ হীৰেণ গোহাঁই

হিন্দু ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু হিন্দু এটা জাতিৰ পৰিচয় নহয় - ড৹ হীৰেণ গোহাঁই

গুৱাহাটী, ১২ ডিচেম্বৰ : "হিন্দু ধৰ্মৰ পৰিচয় হ’ব পাৰে । হিন্দু এটা জাতিৰ পৰিচয় নহয় ৷ সকলো নাগৰিকৰ সমান অধিকাৰ আছে ৷ ভাৰতৰ নাগৰিকত্বত ক’তো ধৰ্মৰ ওপৰত গুৰুত্ব দিয়া নাই। কিন্তু কা আইনৰ যোগেদি পিছ দুৱাৰেদি এনেকুৱা ধাৰণা আনিব বিচাৰিছে চৰকাৰে। এনে কাৰ্যই নাগৰিকত্বৰ বুনিয়াদী ধাৰণাক আঘাত কৰিব।" সোমবাৰে এই মন্তব্য প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱী তথা কা বিৰোধী সমন্বয় সমিতি অসমৰ সভাপতি ড৹ হীৰেণ গোহাঁইয়ে ৷

মঙলবাৰে কা বিৰোধী সমন্বয় সমিতি অসমৰ উদ্যোগত শিক্ষক ভৱনত আয়োজিত কা আন্দোলনৰ পঞ্চ শ্বহীদৰ স্মৃতি চাৰণ সভাত উপস্থিত থাকি গোহাঁইয়ে লগতে কয় যে, "আমি হৈছো জনগণৰ প্ৰতিনিধি ৷ আমি কোনো বিশেষ ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয় ৷ বিৰোধী ঐক্য অবিহনে চতুৰ, চক্ৰান্তকাৰী দলটোক পৰাস্ত কৰাটো অসম্ভৱ ৷ মই এতিয়াও আহ্বান জনাইছো যে বিৰোধী ঐক্য অক্ষুন্ন থাকিব লাগিব ৷ হাতত বেছি সময় নাই, আলোচনাৰ মাজেৰে সকলো বিৰোধী ঐক্যই সকলো ঠিক কৰিব লাগে ৷"

গোহাঁইয়ে বিভিন্ন দল সংগঠন‌ সকলোকে লগ লাগি যোৱাবছৰৰ বিশ্বাসঘাতকতা মনত ৰাখি কা আন্দোলন সুকলমে আগবঢ়াই নিবলৈ আহ্বান জনায়। তেওঁ চৰকাৰক সমালোচনা কৰি কয় য়ে, বিভ্ৰান্তি, ফাঁকি, ঠগবাজৰ নিকৃষ্ট উদাহৰণ শাসকীয় দল আৰু চৰকাৰ । নিৰ্বাচন আহিলেই বিজেপি চৰকাৰে কা ৰ কথা আনে। এই আইন কেতিয়াও মানি লোৱা নহ’ব ৷

বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠানত হোৱা এই অনুষ্ঠানত বাওঁপন্থী নেতা হেমেন দাস, তৃণমূল কংগ্ৰেছ অসমৰ হৈ ৰিপুন বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ কেইবগাৰকীও বিষয়ববীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় শতাধিক লোক উপস্থিত থাকে ৷ ইয়াৰোপৰি এই প্ৰতিবাদী সভাত কা আন্দোলনৰ সন্দৰ্ভত নতুনকৈ পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: গুৱাহাটীৰ একাংশ বিলাসী ৰিজ'ৰ্ট-পাবত ব্যয়বহুল ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.