শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে; বিধায়ক অখিল গগৈ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 12:50 PM IST

thumbnail

টীয়ক, 12 জানুৱাৰী: অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী তথা জ্যেষ্ঠ ব্যক্তি ড৹ হীৰেন গোহাঁই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে প্ৰকাশ কৰা মন্তব্যক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড৹ হীৰেণ গোহাঁইক ডুপ্লিকেট মাল আখ্যা দিয়া কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷ টীয়কত ৰাইজৰ দলৰ জনজাগৰণ যাত্ৰাৰ সময়তে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

গগৈয়ে কয়, "মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত হীৰেন গোহাঁইৰ দৰে এগৰাকী জ্যেষ্ঠ ব্যক্তি সম্পৰ্কত আগবঢ়োৱা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক । মুখ্যমন্ত্ৰীৰ আচৰণ ল'ৰা ৰজা সদৃশ, শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে । ইয়াৰোপৰি ল’ৰামতীয়া স্বভাৱ বৰ্তমানেও মুখ্যমন্ত্ৰীগৰাকীয়ে এৰাব পৰা নাই বুলি কয় গগৈয়ে ৷ ফটুৱা, ফকতীয়া মুখ্যমন্ত্ৰী বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক বিধায়ক অখিল গগৈয়ে কটাক্ষ কৰে ।

লগতে পঢ়ক: উচটনি দিয়া মানুহ ড৹ হীৰেন গোহাঁই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.