ETV Bharat / state

উচটনি দিয়া মানুহ ড৹ হীৰেন গোহাঁই : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 9:01 PM IST

Assam CAA Protest : ড৹ হীৰেন গোহাঁইৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ হীৰেন গোহাঁইৰ নেতৃত্বত আন্দোলন নহয়, বেলেগক উচটাই তেখেতে ঘৰতে ব্ৰেকফাষ্ট কৰি থাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Assam CAA Protest
ড৹ হীৰেণ গোহাঁইৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

ড৹ হীৰেণ গোহাঁইৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

গুৱাহাটী, জানুৱাৰী : "হীৰেন গোহাঁইৰ নেতৃত্বত আন্দোলন হʼব বুলি নাভাবো ৷ তেওঁ আনক উচটাই নিজে আটাইতকৈ সুৰক্ষিত স্থানত থাকে ৷" ড৹ হীৰেন গোহাঁই সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰি পুনৰ সৰৱ হোৱা দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুস্থিত এক দলীয় কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰে হোৱা কথা-বতৰাত হীৰেন গোহাঁই সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে হীৰেন গোহাঁইৰ নেতৃত্বত আন্দোলন নহয় ৷ তেওঁৰ 55 বছৰীয়া জীৱন কালত এইটো দেখাই নাই বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তেওঁ কয় যে, বেলেগক উচটাই তেখেতে ঘৰতে ব্ৰেকফাষ্ট কৰি থাকে ৷ বাকী যুৱ শক্তিক ধ্বংস কৰি দিয়ে ৷ নিজে তেওঁ সদায় সুৰক্ষিত স্থানত থাকে ৷ বেছি কষ্ট হ’লে তেওঁ আমেৰিকাত থকা জীয়েকৰ তালৈ গুছি যায়, তেখেতৰ জীৱনৰ বুৰঞ্জীয়েই এইটো বুলি ড৹ হীৰেন গোহাঁইক উদ্দেশ্যি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংবাদিকক ওলোটাই প্ৰশ্নহে কৰে, তেওঁক কোনটো আন্দোলনত দেখিছে ? তেওঁ কেতিয়াবা পুলিচৰ মাৰ খাই পাইছে জানো ! প্ৰেছক ধ্বংস কৰি সময় নষ্ট কৰাত তেওঁ ঠিক আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ আৰু কয় যে অখিল গগৈ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, যুৱ ছাত্ৰ পৰিষদে আন্দোলন কৰিব, কিন্তু হীৰেন গোহাঁয়ে আন্দোলন কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ জীৱন কালত 55 বছৰে দেখা নাই বুলি মন্তব্য কৰে ৷ ড৹ গোহাঁয়ে আন্দোলন কৰিবলৈ উচটাই দিয়ে আৰু নিজে ব্ৰেকফাষ্ট কৰি ঘৰতে বহি থাকে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে দুদিন পূৰ্বে ড৹ হীৰেন গোহাঁইয়ে এক সংবাদমেল সম্বোধন কৰি পুনৰ 'কা' আন্দোলন তীব্ৰভাৱে কৰা হ’ব বুলি জানিবলৈ দিছিল ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি হীৰেন গোহাঁই সন্দৰ্ভত এইদৰে সৰৱ হৈ পৰা দেখা গ’ল ৷

লগতে পঢ়ক : ন্যায় যাত্ৰাত বাধা ! গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.