Srinkhal Chaliha issue : শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

By

Published : May 5, 2023, 11:12 AM IST

thumbnail

শিৱসাগৰ, 5 মে’ : ‘‘জিলা দণ্ডাধীশৰ দ্বাৰা শৃংখল চলিহাক গ্ৰেপ্তাৰৰ বাবে যি হুকুমনামা দিয়া হ’ল, তেনে ঘটনা শিৱসাগৰত সংঘটিত হোৱা নাই অথবা শৃংখল চলিহাই তেনে ঘটনা সংঘটিত কৰা নাই ৷ সৰু আৰু সামান্য ঘটনাৰ আলম লৈ কেতবোৰ মিছা অভিযোগ আনি জোৰ জবৰদস্তি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অনা হৈছে ৷’’ এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi react on Srinkhal Chaliha issue) ৷

উল্লেখ্য যে, শৃংখল চলিহাৰ গ্ৰেপ্তাৰক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Srinkhal Chaliha arrested) । এই সন্দৰ্ভত শুকুৰবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়েও ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ তেওঁ কয়, ‘‘চৰকাৰৰ নিৰ্দেশত চলিত সময়ত কোনো ঘটনাৰ প্ৰমাণ দিব নোৱাৰি তেওঁলোকে কা’ আন্দোলনৰ গইনা লৈ মোকো বন্দী কৰিছিল ৷ শৃংখল চলিহাও একে ৰোষতে পৰিছে ৷’’

লগতে পঢ়ক : Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী উজ্জ্বল চুতীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.