Fire Break out at Jonai:জোনাইৰ তেলাম গামচুকত বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:01 AM IST

thumbnail

জোনাই, 2 অক্টোবৰ : জোনাইৰ তেলামত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জাহ গ’ল এটা বাসগৃহ ৷ জানিব পৰা মতে, জোনাই তেলামৰ গামচুক গাঁৱত দেওবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ফলত গামচুক গাঁৱৰ সোণটো ৰাভা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷

বিধ্বংসী অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় ডেৰ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় বুলি জানিবলৈ দিছে ৷ কি কাৰণে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷ 

‘‘আমি ভাত খাবলৈ লৈছিলো ৷ তেনে সময়তে শব্দ এটা শুনা পালো ৷ তাৰ পাচতে জুয়ে আগুৰি ধৰে ঘৰটো ৷ যেনে তেনে কিছু সামগ্ৰী উদ্ধাৰ কৰিব পাৰিলো ৷ জুই জ্বলা দেখি আমি পানী মাৰিছিলো ৷ কিন্তু জুই নিৰ্বাপন কৰিব নোৱাৰিলো ৷’’ এই মন্তব্য ভুক্তভোগী পৰিয়ালৰ ৷ 

লগতে পঢ়়ক :Food poisoning: ধেমাজিত খাদ্যত বিষক্ৰিয়া হৈ ১৬ জন অসুস্থ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.