Felicitation program in Majuli: মিচিং অলিম্পিকত পদক প্ৰাপক মাজুলীৰ খেলুৱৈক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 4:37 PM IST

thumbnail

মাজুলী, 5 নৱেম্বৰ : জোনাইৰ পবাত অনুষ্ঠিত মিচিং অলিম্পিক 2023 ত পদকৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছিল মাজুলীয়ে ৷ মিচিং অলিম্পিকত অংশ গ্ৰহণ কৰি মাজুলী জিলাৰ হৈ পদক অৰ্জন আৰু খেলুৱৈসকলক শনিবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত জেংৰাইমুখৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত মিচিং অলিম্পিকত পদক লাভ কৰা 27 গৰাকী মাজুলীৰ খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত, মাজুলীৰ আৰক্ষী অধীক্ষকৰ লগতে সংগঠনৰ বিষয়-ববীয়াসকল । উল্লেখ্য যে ধেমাজি জিলাৰ জোনাইত যোৱা 25 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল মিচিং অলিম্পিক ৷ উক্ত প্ৰতিযোগিতাত বিভিন্ন শাখাত মাজুলীৰ 12 গৰাকী খেলুৱৈয়ে সোণৰ পদক, 8 গৰাকী খেলুৱৈয়ে ৰূপৰ আৰু 7 গৰাকীৰ খেলুৱৈয়ে বঞ্জৰ পদক লাভ কৰিছিল ৷ 

লগতে পঢ়ক:Majuli Ferry service:মাজুলীৰ কমলাবাৰী আৰু অফলামুখ নিমাতীৰ মাজত দুখন নতুন ফেৰী সংযোজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.