আমগুৰিত বিষাক্ত দ্ৰব্যৰে কুকুৰ-কাউৰী নিধন কৰিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:48 PM IST

thumbnail

আমগুৰি, ১৬ ডিচেম্বৰ: শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত জীৱশ্ৰেষ্ঠৰ নৃশংস কাণ্ড সংঘটিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোনো দুষ্ট প্ৰকৃতিৰ লোকে বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি পোহনীয়া কুকুৰ আৰু কাউৰী নিধন কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আজি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । কোনো লোকে পোহনীয়া কুকুৰ নিধনৰ বাবে পথাৰত মাংসৰ সৈতে বিষাক্ত দ্ৰব্য ব্যবহাৰ কৰিছিল । এই বিষাক্ত দ্ৰৱ্য মিহলোৱা মাংস সেৱন কৰি আজি নামতি চাৰিআলিৰ পথাৰত দহটা পোহনীয়া কুকুৰৰ উপৰি বিশটাৰো অধিক কাউৰীৰ মৃত্যু হয় ।  

স্থানীয় কেইজনমান যুৱকে পথাৰত পোহনীয়া কুকুৰ আৰু কাউৰী মৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লগতে পশু চিকিৎসক উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে । পশু চিকিৎসা বিভাগৰ লোকে তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰি কেইবাটাও কুকুৰক সুস্থ কৰি তোলে ।

আনহাতে,বন বিভাগৰ লোকে মৃত কাউৰীৰ মৰণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে লৈ যায় । বৰ্তমানলৈকে কোন স্থানত দুষ্টলোকে বিষাক্ত দ্ৰৱ্য মিহলাইছিল বা কি উদ্দেশ্যেৰে মিহলি কৰিছিল সেয়া জানিব পৰা হোৱা নাই । বন বিভাগৰ লোকে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । এনে নৃশংস কাণ্ডক প্ৰকৃতিপ্ৰেমী সংগঠনে গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ।

লগতে পঢ়ক:কয়দীবিহীন কাৰাগাৰৰ মাটিত চৰকাৰক উন্নয়ন মূলক আঁচনি গ্ৰহনৰ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.