ETV Bharat / state

কয়দীবিহীন কাৰাগাৰৰ মাটিত চৰকাৰক উন্নয়ন মূলক আঁচনি গ্ৰহনৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:31 PM IST

কোনোদিনেই কয়দীৰ মুখ নেদেখা এখন কাৰাগাৰ (Jail at Murkongselk in Jonai) ৷ কাৰাগাৰটোত নাই কৰ্মচাৰীও ৷ আছে কেৱল ওখ ওখ দেৱাল, কয়দী ৰখা কোঠা আদি ৷

Jail at Murkongselk in Jonai
জোনাইৰ ৩ নং মুৰ্কংচেলকৰ কাৰাগাৰ

জোনাইৰ ৩ নং মুৰ্কংচেলকৰ কাৰাগাৰ

জোনাই, ১৬ ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাইত অসম চৰকাৰৰ চৰম অৱহেলাত যোৱা তিনি দশকৰো অধিক সময় পৰিত্য়ক্ত অৱস্থাত আছে জোনাইৰ ৩ নং মুৰ্কংচেলকত থকা কাৰাগাৰটো ৷ ৩৩ বছৰ পূৰ্বে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জোনাইৰ কাৰাগাৰটো চৰকাৰৰ চৰম হেমাহিৰ ফলত আজি জহি-খহি ভূত বাংলালৈ পৰ্যবসিত হৈছে ৷ প্ৰায় ৫২ বিঘা ভূমি আগুৰি থকা জোনাইৰ এইটো কাৰাগাৰ ৩৩ টা বছৰে ব্যৱহাৰ তথা মেৰামতি নকৰাত জহি খহি যোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে । ৫২ বিঘা মাটিত উন্নয়নমূলক আচনি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সভাপতি সঞ্জীৱ দাস আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই কয় যে বৃহৎ কাৰাগাৰটোৰ দুৱাৰ-খিৰিকী,চৌহদ বেৰ,মজিয়া আদিৰ কাৰাগাৰৰ বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা বহুকেইটা আবাস ৷

ইফালে, যি সময়ত জোনাই সদৰত চৰকাৰী ভূমিৰ অভাৱত গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান মহকুমাটোৰ অন্তৰ্গত অন্যস্থানলৈ হস্তান্তৰ কৰিবলগীয়া হৈছে, তেনে সময়তে প্ৰায় ৫২ বিঘা ভূমি পৰিতক্ত্য অৱস্থাত আছে । গতিকে সময় থকোতে চৰকাৰক বিষয়টোত গুৰুত্ব দি ৫২ বিঘা মাটিত উন্নয়নমূলক আচনিৰ গ্ৰহণৰ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

উল্লেখ্য় যে কাৰগাৰটো কেতিয়াবা ব্যৱহাৰ কৰা হয় বন্য়াৰ্তৰ শিৱিৰ হিচাবে, কেতিয়াবা ব্যৱহাৰ কৰা স্থানীয় নিবনুৱাই কাঠফুলা খেতি আদি কৰাৰ বাবে, আৰু প্ৰায়েই সুৰাপায়ীয়ে ‘বাৰ’ হিচাবে ব্যৱহাৰ কৰে ৷ মাজতে সেনাৰ কেম্প হিচাবেও ব্যৱহাৰ কৰা হৈছিল কাৰাগাৰ নামধাৰী এই বিশাল ঘৰটোক ৷

লগতে পঢ়ক :33 বছৰত এজনো কয়দী নথকা এখন কাৰাগাৰ, থকাৰ পৰিৱেশো নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.