ETV Bharat / state

33 বছৰত এজনো কয়দী নথকা এখন কাৰাগাৰ, থকাৰ পৰিৱেশো নাই

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:58 PM IST

no prisoner jail jonai
33 বছৰত এজনো কয়দী নথকা এখন কাৰাগাৰ

কাৰাগাৰ ব্যৱহাৰ কৰা হয় কয়দী ৰাখিবলৈ ৷ কিন্তু এখন বিশেষ কাৰাগাৰৰ কথাই দোচোৰা ৷কাৰাগাৰখন কেতিয়াবা হয় বৰ্নাত্যৰ শিৱিৰ, কেতিয়াবা সেনাৰ কেম্প আৰু প্ৰায়েই হয় সুৰাপায়ীৰ আড্ডাস্থলী ৷ ক’ত আছে বিশেষ কাৰাগাৰখন ...

33 বছৰত এজনো কয়দী নথকা এখন কাৰাগাৰ

জোনাই, 9 ডিচেম্বৰ : কোনোদিনেই কয়দীৰ মুখ নেদেখা এখন কাৰাগাৰ ৷ কাৰাগাৰখনত নাই কৰ্মচাৰীও ৷ আছে কেৱল ওখ ওখ দেৱাল, কয়দী ৰখা কোঠা ইত্যাদি ৷ প্ৰায় 33 বছৰ পূৰ্বে যেন গছত লগা টকাৰেহে চৰকাৰে নিৰ্মান কৰিছিল কাৰাগাৰখন ৷ সেইবাবেই হয়তো বৰ বিশেষ গুৰুত্ব দিয়া নহ’ল কাৰাগাৰখনৰ প্ৰতি ৷ টকা গছত লাগিছিল যে! সেই যে 80 শতাংশমান নিৰ্মাণকাৰ্য চলাইছিল প্ৰায় 3 টা দশকৰ পূৰ্বেই, তাৰ পাচত আৰু কাৰাগাৰখনৰ ফালে বেঁকাকৈও চোৱা নাই চৰকাৰে ৷ কাৰণ চৰকাৰী টকাৰ কি গুৰুত্ব আছে!

52 বিঘা মাটিৰে আগুৰি থকা এই বিশেষ কাৰাগাৰখনৰ বিশাল এলেকাটো আছে ধেমাজিত ৷ যোৱা প্ৰায় তিনিটা দশকৰো অধিক কাল ধৰি কাৰাগাৰখনত নাই এজনো কয়দী৷ ফলত কয়দীবিহীন কাৰাগাৰখন লাহে লাহে পৰিণত হ’ল ভূত বঙলালৈ৷ যোৱা প্ৰায় ৩৩ টা বছৰে ৰাইজে বৃহৎ কাৰাগাৰখন দেখি আহিছে ঠিকেই, কিন্তু দেখা নাই কয়দীহে৷ বিপৰীতে কাৰগাৰখন কেতিয়াবা ব্যৱহাৰ কৰা হয় বৰ্নাত্যৰ শিৱিৰ হিচাবে, কেতিয়াবা ব্যৱহাৰ কৰা স্থানীয় নিবনুৱাই কাঠফুলা খেতি আদি কৰাৰ বাবে, আৰু প্ৰায়েই সুৰাপায়ীয়ে ‘বাৰ’ হিচাবে ব্যৱহাৰ কৰে কাৰাগাৰখন ৷ মাজতে সেনাৰ কেম্প হিচাবেও ব্যৱহাৰ কৰা হৈছিল কাৰাগাৰ নামধাৰী এই বিশাল ঘৰটোক ৷

অসম চৰকাৰৰ চৰম অৱহেলাত যোৱা প্ৰায় ৩৩ বছৰে পৰিত্যক্ত অৱস্থাত পৰি আছে জোনাইৰ ৩ নং মুৰ্কংচেলেকত থকা কাৰাগাৰখন৷ কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জোনাইৰ কাৰাগাৰখন চৰকাৰৰ চৰম হেমাহিৰ ফলত জহি খহি পৰিণত হ'ল ভূত বাংলালৈ৷ ব্যৱহাৰ অথবা মেৰামতি নকৰাত জহি খহি পৰিত্যক্ত অৱস্থাত আছে বৃহৎ কাৰাগাৰখনৰ দুৱাৰ-খিৰিকী, চৌহদৰ বেৰ, মজিয়া আদিৰ উপৰিও কাৰাগাৰৰ বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা বহুকেইটা আবাসগৃহ৷

জোনাইবাসী ৰাইজে যিকোনো কাৰাগাৰ সম্পৰ্কীয় কাম-কাজৰ বাবে যাব লাগে প্ৰায় ১২০ কিলোমিটাৰ নিলগত থকা ধেমাজিলৈ ৷ অথচ 33 বছৰ পূৰ্বেই নিৰ্মাণ কৰা এই কাৰাগাৰখন আজিলৈকে উদ্বোধনেই কৰা নহ’ল ৷ যি সময়ত জোনাই সদৰত চৰকাৰী ভূমিৰ অভাৱৰ বাবে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান মহকুমাটোৰ অন্তৰ্গত অন্য স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে, তেনে সময়তে প্ৰায় ৫২ বিঘা ভূমি এইদৰে অব্যৱহৃত অৱস্থাত ৰখা কাৰ্যই চিন্তিত কৰি তুলিছে জোনাইৰ সচেতন ৰাইজক ৷ এতিয়াও সময় আছে, চৰকাৰে বিষয়টোত গুৰুত্ব দিয়ক ৷ কাৰণ, চৰকাৰী টকা গছত নালাগে ৷

লগতে পঢ়ক : জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৮ জানুৱাৰী পৰ্যন্ত নাম অন্তৰ্ভুক্ত-শুধৰণিৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.