Duliajan dacoit incident: দুলীয়াজানত দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কোনোপধ্যে উদ্ধাৰ পৰিয়ালসহ এগৰাকী সাংবাদিক

By

Published : Mar 9, 2023, 10:52 AM IST

thumbnail

দুলীয়াজান, 9 মাৰ্চ : দুলীয়াজানত পৰ্তি মুহূৰ্তত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতাই ৷ চুৰ, ডকাইতৰ আতংকত নিশা পাৰ কৰিবলগীয়া হৈছে দুলীয়াজানবাসীয়ে ৷ নিশা নামি অহাৰ মাত্ৰেই অঞ্চলটোৰে পথৰে গৈ থকা যাত্ৰীৰো নোহোৱা হৈছে নিৰাপত্তা ৷ শেহতীয়াকৈ দুলীয়াজানত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷

নিজৰ বাহনেৰে পৰিয়ালসহ গৈ থকা এগৰাকী সাংবাদিকক দুৰ্বৃত্তৰ দলে আক্ৰমণৰ চেষ্টা চলালে ৷ দুলীয়াজানৰ দুলীয়াগাঁৱৰ সমীপৰ ডিৰিয়াল চাহ বাগিচাৰ পথত মংগলবাৰে নিশা বাঁহ, বালি ভৰ্তি বস্তা পেলাই পথ ভেটি দুৰ্বৃত্তৰ দলটোৱে ডকাইতিৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰা হৈছে (Duliajan dacoit incident)। অৱশ্যে কোনোপধ্যে ৰক্ষা পৰিল এটা বৈদ্যুতিন মাধ্যমত কৰ্মৰত সাংবাদিক অৰিন্দম গগৈ আৰু তেখেতৰ পৰিয়ালটো । 

প্ৰাপ্ত তথ্য অনুসৰি, মাতৃৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যোৱা সাংবাদিকগৰাকীয়ে নিজা বাহনেৰে নিশা দুলীয়াজানলৈ উভতি আহি থকা অৱস্থাত দুৰ্বৃত্তৰ দলটোৱে বাহনখনত আক্ৰমণৰ চেষ্টা চলায় । দুলীয়াজান ডিব্ৰুগড় পথৰ ডিৰিয়াল চাহ বাগিচাৰ মাজৰ এটা স্থানত ডকাইতৰ পৰিকল্পনাৰে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিছিল যদিও বাহনসহ সেই পথচোৱাৰ পৰা কোনোমতে ওলাই আহিবলৈ সক্ষম হয় । 

সাংবাদিকগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওলোক আহি থকা পথটোৰ ওপৰত বাঁহ আৰু বালিৰ বস্তা থৈ ভেটি বাহন আবদ্ধ কৰি ডকাইটিৰ পৰিকল্পনা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে । লগতে সাংবাদিকগৰাকীৰ বাহনৰ লগতে একে সময়তে গৈ থকা আন কেইবাখনো বাহনলৈকো লক্ষ্য কৰি দুৰ্বৃত্তৰ দলটোৱে শিলগুটিও নিক্ষেপ কৰিছিল । ফলত অৰিন্দম গগৈৰ ইন’ভা বাহনখনৰ আইনা ভঙাত বহুখিনি ক্ষতি হয় । অৱশ্যে সেই স্থানত ৰৈ নিদিয়াৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে আটাইকেইখন গাড়ীত থকা যাত্ৰীসকল । এই ঘটনাৰ কথা অৱগত হোৱাৰ পাছতে সমগ্ৰ দুলীয়াজানতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Vulture killing: জঘন্য! শগুন নিধন কৰি ভক্ষণৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.