Murder case in Tinsukia: মোমায়েকে ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে কণমানি ভাগিনীয়েকক

By

Published : Aug 3, 2023, 6:35 PM IST

thumbnail

তিনিচুকীয়া, 3 আগষ্ট: তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী পদুমপথাৰ মইলাপুং গাঁ‌ৱত বুধবাৰে নিশা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷  কৃষ্ণ বৰাইক নামৰ লোকজনে নিশা প্ৰায় 11 বজাত অধিক মদ্যপান কৰি ঘৰলৈ আহি প্ৰথমে নিজৰ মাতৃ আৰু ভগ্নীক মাৰধৰ কৰিবলৈ আৰম্ভ কৰে ৷ ফলত প্ৰাণৰ ভয়ত মাতৃ-ভগ্নীয়ে নিশাই পলাই যায় ঘৰৰ পৰা ৷

তাৰ পিচতে কৃষ্ণই মাতৃ-ভগ্নীক মাৰিবলৈ নাপাই বিচনাত শুই থকা 7 বছৰীয়া ভাগিনীয়েকক বিচনাৰ পৰা তলত নমাই ত্ৰিশূলেৰে হানি খুচি হত্যা কৰে ৷ এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী মোময়েকে ৷ পুৱা প্ৰথমে হত্যাকাণ্ডৰ ঘটনাটো পৰিয়ালৰ লোকে লুকুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু স্থানীয় ৰাইজে গাঁও প্ৰধানক খবৰ দিয়াত ফিল'বাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷  

পিচত তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস আৰু ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ শিশুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ ফিল'বাৰী অঞ্চলত মাদক দ্ৰব্যৰ অধিক প্ৰচলন হোৱাৰ বাবে এই নৃশংস ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পলাতক হত্যাকাৰী কৃষ্ণ বৰাইকক অচিৰেই আটক কৰি উচিত শাস্তি দিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: New born baby deadbody recovered: নগাঁৱত জাৱৰৰ দমত উদ্ধাৰ মৃত নৱজাতক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.