মুৰ্কংচেলেকস্থিত ৰাষ্ট্ৰীয় ঘাইপথত এটি কণমানি উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:56 AM IST

thumbnail

জোনাই, ৮ জানুৱাৰী:  ধেমাজি জিলাৰ জোনাইৰ মুৰ্কংচেলেকত সোমবাৰে পুৱাই স্থানীয় ৰাইজে প্ৰায় পাঁচ বছৰীয়া এটি কণমানি কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পুৱাই কণমানি কিশোৰীটি মুৰ্কংচেলেকস্থিত ৰাষ্ট্ৰীয় ঘাইপথেৰে জোনাইৰ বজাৰ অভিমুখে কান্দি কান্দি গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । লগে লগে কিশোৰীটিক স্থানীয় ৰাইজে সোধা পোছা কৰে ৷ কিশোৰীটিয়ে ৰাইজক তেওঁ চিলাপথাৰৰ বুলি জানিবলৈ দিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে কিশোৰীগৰাকীৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই । ইতিমধ্যে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিছে ৷ 

খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰীটিক থানালৈ লৈ যায় ৷ গতিকে কোনো সদাশয় ব্যক্তি বা পৰিয়ালে কিশোৰীটিক চিনাক্ত কৰি জোনাই আৰক্ষী থানাত যোগাযোগ কৰি ঘৰলৈ লৈ যাব পাৰিব বুলি স্থানীয় লোকে জানিব দিয়ে ৷

লগতে পঢ়ক: এইবাৰ আঁহতগুৰিত আনুষ্ঠানিকভাৱে ম’হযুঁজ; আহিব মুখ্যমন্ত্ৰীও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.